নেশ্যনেল ডেস্ক,৪ জানুৱাৰী :'হিট এণ্ড ৰান' আইনৰ সংশোধনী বিধেয়ক সন্দৰ্ভত দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়া অব্যাহত আছে । এই বিধেয়ক অনুসৰি ট্ৰাক চালকৰ শাস্তি হিচাপে ১০ বছৰ আৰু ৭ লাখ টকাৰ জৰিমনা আৰোপ কৰা হ'ব । এনে পৰিস্থিতিত দেশজুৰি ট্ৰাক চালকসকলে প্ৰতিবাদ অব্যাহত ৰাখিছে । এই প্ৰতিবাদৰ ফলত স্বাভাৱিক জীৱন প্ৰভাৱিত হৈছে । পৰিবহণ খণ্ডৰ এনে প্ৰতিবাদৰ বাবে দৈনিক ব্যৱহাৰ কৰা বহুতো সামগ্ৰীৰ ওপৰত প্ৰভাৱ পৰা দেখা গৈছে ।
কেন্দ্ৰীয় চৰকাৰে ট্ৰাক চালকসকলক আশ্বাস দিয়াৰ পিচত ধৰ্মঘট প্ৰত্যাহাৰ কৰা হৈছে যদিও দেশজুৰি ইয়াৰ প্ৰভাৱ দেখা গৈছে । পাঞ্জাবৰ বেছিভাগ পিয়াজৰ ভাণ্ডাৰ শেষ হোৱাৰ উপক্ৰম হৈছে কিয়নো বেছিভাগ পিঁয়াজ গুজৰাট আৰু মধ্য প্ৰদেশৰ পৰা আহে । যোৱা ৩ দিন ধৰি ট্ৰাক অৱৰোধৰ বাবে পিঁয়াজ আৰু ফল পাঞ্জাবলৈ অহা নাই । ফলস্বৰূপে সেই সামগ্ৰীবোৰৰ দাম যথেষ্ট বৃদ্ধি পাইছে । এগৰাকী ব্যৱসায়ীয়ে জনোৱা মতে সাধাৰণতে বজাৰত পিঁয়াজ আৰু আলুৰ বৃহৎ ষ্টক থাকে কিয়নো এইবোৰ দৈনন্দিন ব্যৱহাৰযোগ্য সামগ্ৰী । কিন্তু ট্ৰাকচালকৰ প্ৰতিবাদৰ বাবে বজাৰৰ ষ্টক ২৫ ৰ পৰা ৩০ শতাংশ পৰ্যন্ত হ্ৰাস পাইছে । ফলস্বৰূপে সামগ্ৰীবোৰৰ দাম বৃদ্ধি হ'বলৈ আৰম্ভ কৰিছে ।