অসম

assam

ETV Bharat / bharat

চলিত বৰ্ষতে ভাৰত পাবহি ৰাছিয়াৰ এছ-৪০০ ক্ষেপণাস্ত্ৰ প্ৰণালী - লয়ড অষ্টিনৰ ভাৰত ভ্ৰমণ

চলিত বৰ্ষৰ শেষলৈকে অৰ্থাৎ নিৰ্ধাৰিত সময়তে ভাৰত পাবহি ৰাছিয়াৰ এছ-৪০০ বায়ু প্ৰতিৰক্ষা ক্ষেপণাস্ত্ৰ প্ৰণালী । ৰাছিয়াত থকা ভাৰতীয় ৰাষ্ট্ৰদূতে বৃহস্পতিবাৰে সন্ধিয়া মস্কোত এই কথা প্ৰকাশ কৰে ।

Russian air defence missile system
চলিত বৰ্ষতে ভাৰত পাবহি ৰাছিয়াৰ উন্নত বায়ু ক্ষেপণাস্ত্ৰ প্ৰণালী

By

Published : Apr 30, 2021, 11:01 AM IST

নেশ্যনেল ডেস্ক, ৩০ এপ্ৰিল: ভাৰত আৰু ৰাছিয়াৰ সৌহাদ্যপূৰ্ণ সম্পৰ্কৰ প্ৰতীক স্বৰূপ ৰাছিয়াৰ এছ-৪০০ ট্ৰাইম্ফ বায়ু প্ৰতিৰক্ষা ক্ষেপণাস্ত্ৰ প্ৰণালী নিৰ্ধাৰিত সময়তে ভাৰত পাবহি । জ্যেষ্ঠ সাংবাদিক সঞ্জীৱ কুমাৰ বৰুৱাৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য । ৰাছিয়াত থকা ভাৰতীয় ৰাষ্ট্ৰদূত বালা ভেংকেশ বাৰ্মাই বৃহস্পতিবাৰে সন্ধিয়া মস্কোত কয় যে, ভাৰত-ৰাছিয়াৰ সামৰিক চুক্তিৰ এক অংশ হিচাপে চলিত বৰ্ষৰ শেষৰ ভাগলৈকে এই ক্ষেপণাস্ত্ৰ প্ৰণালীৰ প্ৰথম ৰেজিমেণ্ট ছেট ভাৰতৰ হাতত অৰ্পণ কৰাৰ পৰিকল্পনা কৰিছে ৰাছিয়াই ।

ৰাছিয়াৰ এক সংবাদ গোষ্ঠীয়ে এই কথা প্ৰকাশ কৰিছে । ৪০ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে ৰাছিয়াৰ পৰা ক্ৰয় কৰা, পৃথিৱী পৃষ্ঠৰ পৰা বায়ুলৈ মধ্যম আৰু দীৰ্ঘ দূৰত্বৰ এণ্টি-এয়াৰক্ৰাফ্ট মিছাইল প্ৰণালী হৈছে অতি শক্তিশালী অস্ত্ৰ । ই ৪০০ কিলোমিটাৰ আৰু ৩০ কিলোমিটাৰ উচ্চতালৈকে বম্বাৰ, ষ্টিল্থ ফাইটাৰ, মিছাইল আৰু ড্ৰোন আদিৰ সৈতে মোকাবিলা কৰিব পাৰে আৰু একেলগে ৩৬টা মিছাইল ধ্বংস কৰিব পাৰে ।

২০১৫ চনতে ভাৰতে এই ক্ষেপণাস্ত্ৰ প্ৰণালী ৰাছিয়াৰ পৰা বিচাৰিছিল । ২০১৮ চনৰ অক্টোবৰ মাহত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমীৰ পুটিনৰ ভাৰত ভ্ৰমণৰ সময়ত এই ক্ষেপণাস্ত্ৰ প্ৰণালীৰ পাঁচটা ৰেজিমেন্ট ছেট প্ৰদান কৰাৰ বাবে ভাৰতৰ সৈতে ৰাছিয়াৰ এক চুক্তি স্বাক্ষৰিত হয় । ভাৰত আৰু ৰাছিয়া সামৰিক সম্পৰ্ক অতি ঘনিষ্ঠ আৰু ভাৰতৰ ৬০ শতাংশৰো অধিক প্ৰতিৰক্ষা সঁজুলি ৰাছিয়ান মূলৰ ।

ৰাছিয়াৰ পৰা এছ-৪০০ ক্ৰয় কৰিলে আমেৰিকাৰ চি এ এ টি এছ এ- ২০১৭ৰ ওপৰত প্ৰভাৱ পৰিব, যি এই ক্ষেত্ৰত ৰাছিয়া, ইৰাণ আৰু উত্তৰ কোৰিয়াৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিব বিচাৰে । আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে এছ-৪০০ আমদানি আৰু স্থাপনৰ বাবে চীন আৰু তুৰ্কীৰ ওপৰত গৌণ নিষেধাজ্ঞা আৰোপ কৰিছিল ।

জ' বিডেন চৰকাৰে এছ-৪০০ ক্ৰয় কৰাৰ বাবে ভাৰতক চি এ এ টি এছ এৰ পৰা ৰেহাই দিব নে নাই সেই বিষয়ে এতিয়াও চিন্তা-চৰ্চা অব্যাহত আছে । চলিত বৰ্ষৰ মাৰ্চ মাহত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা সচিব লয়ড অষ্টিনৰ ভাৰত ভ্ৰমণৰ সময়ত আৰু ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত অনুষ্ঠিত হোৱা বেছিসংখ্যক উচ্চ পৰ্যায়ৰ সামৰিক বৈঠকতো এই বিষয়টো আলোচনা কৰা হৈছে ।

লগতে পঢ়ক:মধ্যপ্ৰদেশত ৮৫ জনীয়া বন্ধুৰ এটা গ্ৰুপৰ আদৰণীয় পদক্ষেপ

ABOUT THE AUTHOR

...view details