নিউজ ডেস্ক, 22 নৱেম্বৰ: জাৰ্মান বিলাসী গাড়ী কোম্পানী মাৰ্চিডিজ বেঞ্জে এখন নহয় দুখনকৈ নতুন SUV গাড়ী মুকলি কৰিবলৈ সাজু হৈছে । অহা ২ ডিচেম্বৰত মাৰ্চিডিজ GLB আৰু EQB গাড়ী মুকলি কৰিব কোম্পানীটোৱে(Mercedes-Benz GLB Launch) ।
লগতে বিলাসী গাড়ী ব্ৰেণ্ডটোৱে দুয়োখন SUVৰ বুকিং আৰম্ভ কৰিছে ১.৫ লাখ টকাৰ টোকেন ধনেৰে । ভাৰতীয় বজাৰত তিনিটা পাৱাৰট্ৰেইনৰ সৈতে মাৰ্চিডিজ জিএলবি আগবঢ়াব পাৰিব(Mercedes Benz GLB and EQB India) । মাৰ্চিডিজ ইকিউবি হ’ব দেশৰ প্ৰথমখন ৭ আসনৰ ইলেক্ট্ৰিক গাড়ী । এই বৈদ্যুতিক SUVখনে সম্পূৰ্ণ চাৰ্জ কৰিলে ৪১৯ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব পাৰে । আগন্তুক দুয়োখন এছ ইউ ভিৰ বৈশিষ্ট্য ইয়াত চাব পাৰিব ।
দুয়োখন SUV মাৰ্চিডিজ GLB আৰু EQB এমএফএ২ প্লেটফৰ্মৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে । ভাৰতীয় বজাৰত মাৰ্চিডিজ EQB SUV মাত্ৰ এটা ভেৰিয়েণ্টতহে চেভ কৰিব পাৰিব । অৱশ্যে মাৰ্চিডিজ GLBৰ ক্ষেত্ৰত গ্ৰাহকে একাধিক বিকল্প লাভ কৰাৰ আশা কৰা হৈছে কাৰণ আগন্তুক GLBয়ে একাধিক পাৱাৰট্ৰেইন বিকল্প লাভ কৰিব । জাৰ্মান অটো কোম্পানীয়ে এই দুয়োখন এছ ইউ ভি কেৱল আমদানি কৰি বিক্ৰী কৰিব ।
মাৰ্চিডিজ বেঞ্জ GLB: পাৱাৰট্ৰেইন বিকল্প
খবৰ অনুসৰি মাৰ্চিডিজ জিএলবি তিনিটা ভেৰিয়েন্টত মুকলি কৰিব পাৰিব । মাৰ্চিডিজে ইয়াক এণ্ট্ৰি লেভেল GLB ২০০, মিড স্পেক GLB ২২০ডি আৰু টপ স্পেক জিএলবি ২২০ডি ৪মেটিকত আগবঢ়াব । GLB ২০০ পেট্ৰ’ল মডেলত ৭ স্পীড অটোমেটিক ট্ৰেন্সমিছনৰ সৈতে ১.৩ লিটাৰৰ টাৰ্বো পেট্ৰ’ল ইঞ্জিন পোৱা যাব । একে সময়তে GLB 220d ভেৰিয়েন্টত 8 স্পীড অটোমেটিক ট্ৰেন্সমিছনৰ সৈতে 2.0 লিটাৰৰ ইঞ্জিন দিয়া হ’ব ।