নেশ্যনেল ডেস্ক, ১৪ মে': ভাৰতৰ ড্ৰাগছ কন্ট্ৰ'ল জেনেৰেলে যোৱা মাহত "স্পুটনিক-ভি"ৰ ব্যৱহাৰৰ ক্ষেত্ৰত অনুমতি দিছিল । শেহতীয়াকৈ হায়দৰাবাদস্থিত ঔষধ নিৰ্মাণকাৰী প্ৰতিষ্ঠান মেজৰ ড০ ৰেড্ডীজ লেবৰেটৰিজে প্ৰকাশ কৰিছে যে, ৰাছিয়াৰ "স্পুটনিক-ভি" প্ৰতিষেধকৰ এটা পালিৰ সৰ্বাধিক খুচুৰা মূল্য হ'ব ৯৯৫.৪০ টকা । কোম্পানী কৰ্তৃপক্ষই লগতে কয় যে, আমদানি কৰা প্ৰতিষেধকৰ বাবে এয়া পূৰ্বে নিৰ্ধাৰিত মূল্য ।
অৱশ্যে ভাৰতত এই প্ৰতিষেধক প্ৰস্তুতৰ কাম আৰম্ভ হোৱাৰ পিছত মূল্য হ্ৰাস পোৱাৰ সম্ভাৱনা আছে । ড০ ৰেড্ডীজ লেবৰেটৰিজে মুম্বাই ষ্টক এক্সচেঞ্জ (বিএছই) আৰু নেশ্যনেল ষ্টক এক্সচেঞ্জ (এনএছই)লৈ প্ৰেৰণ কৰা এক বিবৃতিত উল্লেখ কৰিছে যে, প্ৰতিষেধকটোৰ আমদানিকৃত প্ৰতিটো পালিৰ এম আৰ পি বৰ্তমান ৫ শতাংশ জিএছটিসহ ৯৪৮ টকা নিৰ্ধাৰণ কৰা হৈছে । স্থানীয়ভাৱে প্ৰতিষেধকটোৰ যোগান আৰম্ভ হ'লে মূল্য হ্ৰাস হোৱাৰ সম্ভাৱনা আছে ।
"স্পুটনিক-ভি" মস্কোৰ গামালিয়া ৰিছাৰ্চ ইনষ্টিটিউট অৱ এপিডেমিঅ'লজী এণ্ড মাইক্ৰ'বায়'লজীৰ দ্বাৰা বিকশিত কৰা হৈছিল আৰু ৰাছিয়ান প্ৰত্যক্ষ বিনিয়োগ পুঁজিৰ দ্বাৰা বিশ্বব্যাপী বাণিজ্যিকীকৰণ কৰা হৈছে । যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত, আৰ ডি আই এফই ভাৰতত প্ৰতিষেধকটোৰ পৰীক্ষণ আৰু বিক্ৰীৰ বাবে ডি আৰ এলৰ সৈতে এক চুক্তি স্বাক্ষৰ কৰিছিল । সেই অনুসৰি, ডি আৰ এলেই "স্পুটনিক-ভি"ৰ ১,৫০,০০০ টা পালি লাভ কৰে কৰিছিল আৰু ইতিমধ্যে প্ৰথম পালি প্ৰদান কৰা হৈছে ।