অসম

assam

By

Published : Oct 22, 2021, 8:18 PM IST

ETV Bharat / bharat

প্ৰেমৰ প্রত্যাখ্যান সহিব নোৱাৰি বিনয়ে ল’লে প্ৰতিশোধ !

প্ৰেম সকলোৱে কৰে ৷ কেতিয়াবা সফল হয় এই প্ৰেম আকৌ কেতিয়াবা প্রত্যাখ্যান হয় প্ৰেমৰ প্ৰস্তাৱৰ ৷ জীৱনৰ বাটত বহুতেই এক পক্ষীয় প্ৰেমেৰেই আগবাঢ়ি যায় যদিও আন বহুতে বিচাৰি লয় প্ৰতিশোধৰ বাট ৷ প্ৰেমৰ প্ৰস্তাৱ নাকচ হোৱাৰ পিছত বিনয়ে কি কৰিলে চাওঁ আহক ৷

the-love-betrayal-story-of-vinay-kumar
প্ৰেমত প্রত্যাখ্যান সহিব নোৱাৰি বিনয়ে ল’লে প্ৰতিশোধ !

নিউজ ডেস্ক, 22 অক্টোবৰ :25 বছৰীয়া চফল ডেকা বিনয়ে বিশাখাপট্ৰনমৰ এটা ব্যক্তিগত খণ্ডৰ কোম্পানীত ডাটা এন্ট্ৰিৰ কাম কৰে । একেঠাইৰে এজনী যুৱতীৰ প্ৰেমত পৰিল বিনয় ৷ একালত বিনয়ৰ সৈতে একেলগে অধ্যয়ন কৰা যুৱতীগৰাকীক তেওঁ এদিন প্ৰেমৰ প্ৰস্তাৱ আগ বঢ়ায় । কিন্তু, তেওঁৰ প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰিছিল যুৱতী গৰাকীয়ে । ভাঙি থান-বান হৈ গৈছিল বিনয়ৰ হৃদয় ৷

2018 চনৰ 31 মে’ তাৰিখে যুৱতী গৰাকীয়ে তেওঁৰ দুজন বন্ধুৰ সৈতে শিৰদী চাই এক্সপ্ৰেছত ছেকেন্দ্ৰাবাদলৈ যাত্ৰা কৰিবৰ বাবে সাজু হৈছিল । এই কথা জানিব পাৰি বিনয় ততাতৈয়াকৈ ৰেল ষ্টেচনত উপস্থিত হয় । যুৱতীগৰাকীক বিনয়ে বন্ধুত্বৰ চিন হিচাপে এটা বিশেষ উপহাৰ প্ৰদান কৰিছিল । বিশ্বাসেৰে তেওঁ সেয়া গ্ৰহণো কৰিছিল ৷

পিছে যুৱতী গৰাকীয়ে নাজানিছিল বিনয়ৰ চক্ৰান্তৰ কথা ৷ উপহাৰৰ পেকেটটোত ৩ কিলোগ্ৰাম মাৰিজুৱানা থকাৰ কথা নজনাকৈয়ে তেওঁ ৰেলত উঠিছিল ।

ইয়াৰ পিছতে বিনয়ে ৰেল আৰক্ষীক জনাইছিল যে, এজনী যুৱতীয়ে মাৰিজুৱানাৰ সৈতে ৰেল যাত্ৰা কৰি আছে । ছেকেন্দ্ৰাবাদ পোৱাৰ পিছত ৰেলৱে আৰক্ষীয়ে যুৱতী গৰাকীক গ্ৰেপ্তাৰ কৰে ৷ পুংখানুপুংখ অনুসন্ধানৰ পিছত আৰক্ষীয়ে নিশ্চিত কৰিছিল যে, এই সকলোৰে আঁৰৰ মাষ্টাৰমাইণ্ড আছিল বিনয় । তেওঁলোকে সেই ছোৱালীজনীক মুকলি কৰি দিছিল আৰু বিনয়ৰ ওপৰত এটা গোচৰ ৰুজু কৰিছিল । সেইদিনাৰ পৰাই পলাতক অৱস্থাত আছিল বিনয় ।

অৱশেষত শেহতীয়াকৈ, আৰক্ষীয়ে বিনয়ৰ সৈতে ফোন যোগে সংযোগ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে তেওঁ কয় যে, তেওঁৰ বিৰুদ্ধে কোনো গোচৰ ৰুজু কৰা হোৱা নাই ৷ কেৱল সেই ঘটনাটোৰ বিষয়ে কথা পাতিবলৈহে তেওঁক বিচৰা হৈছে । আৰক্ষীৰ কথা বিশ্বাস কৰি বিনয় আৰক্ষী চকীলৈ যায় । আৰক্ষীৰ জেৰাত তেওঁ সকলো কথা স্বীকাৰ কৰিবলৈ বাধ্য হয় ৷ ইয়াৰ পিছতে গ্ৰেপ্তাৰ কৰা হয় বিনয় কুমাৰক ৷

লগতে পঢ়ক :হত্যাকাৰীৰ ৰূপ ল’লে কিশোৰে; কলিয়াবৰ কাণ্ডই কঁপাইছে ৰাজ্য

ABOUT THE AUTHOR

...view details