অসম

assam

Jawan killed in Poonch : জম্মু-কাশ্মীৰত নিহত শ্বহীদ জোৱানসকলৰ নাম প্ৰকাশ

By

Published : Apr 21, 2023, 10:05 AM IST

পুঞ্চ জিলাত সেনা বাহিনীৰ বাহনত অগ্নি সংযোগৰ ফলত নিহত হোৱা জোৱানসকল আছিল হবিলদাৰ মনদীপ সিং, লেন্স নায়েক দেৱাশীষ বাসৱাল, লেন্স নায়েক কুলৱন্ত সিং, চিপাহী হৰকৃষ্ণ সিং আৰু চিপাহী সেৱক সিং (five soldiers killed in poonch)। লেন্স নায়েক দেৱাশীষ বাসৱালৰ ঘৰ ওড়িশাৰ পুৰীত । সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰাৰ সন্দেহ সেনাৰ ।

Jawan killed in Poonch
শ্বহীদ জোৱানসকলৰ নাম প্ৰকাশ

নেশ্যনেল ডেস্ক,২১ এপ্ৰিল :জম্মু-কাশ্মীৰৰ পুঞ্চত জীৱন্তে অগ্নিদগ্ধ হোৱা ৫ সেনা জোৱানৰ পৰিচয় ইতিমধ্যে প্ৰকাশ পাইছে (Jawan death after catches fire Jammu and Kashmir)। ভাৰতীয় সেনাই মুকলি কৰিছে ৫ গৰাকী শ্বহীদৰ নাম । শ্বহীদ সেনা জোৱান কেইজন হৈছে ক্ৰমে হবিলদাৰ মনদীপ সিং, লেন্স নায়েক দেৱাশীষ বাসৱাল, লেন্স নায়েক কুলৱন্ত সিং, চিপাহী হৰকৃষ্ণ সিং আৰু চিপাহী সেৱক সিং । নাগৰোটাস্থিত সেনাৰ ১৬ কৰ্পছে এই নামসমূহ প্ৰকাশ কৰিছে ।

হোৱাইটনাইট কৰ্পছে শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে । শ্বহীদ জোৱান কেইগৰাকী সেনাৰ ৰাষ্ট্ৰীয় ৰাইফলছৰ অংশ আছিল । অঞ্চলটোত সন্ত্ৰাসবাদী বিৰোধী অভিযানৰ বাবে তেওঁলোকক নিয়োজিত কৰা হৈছিল ।

উল্লেখ্য যে বৃহস্পতিবাৰে জম্মুৰ ৰাজৌৰী চেক্টৰত সেনাৰ চলন্ত বাহনত অগ্নি সংযোগ হৈছিল (Army truck catches fire)। য'ত ৫ গৰাকীকৈ জোৱান জীৱন্তে অগ্নিদগ্ধ হয় । এই ঘটনাত এগৰাকী জোৱান আহত হয় । ইফালে সেনাৰ বাহনত কেনেদৰে অগ্নি সংযোগ হ'ল তাক লৈ ৰহস্য অব্যাহত আছে । ভাৰতীয় সেনাই সন্দেহ কৰা মতে সেনাৰ বাহত সন্ত্ৰাসবাদীয়ে অগ্নি সংযোগ কৰিছিল ।

গ্ৰেণেড নিক্ষেপ কৰা বুলিও সেনাই সন্দেহ কৰিছে । ইফালে সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰি প্ৰতিকূল বতৰৰ সুযোগ লৈ সেই স্থানৰ পৰা পলায়ন কৰিছে (Soldiers killed in a terrorist attack)। অৱশ্যে ভাৰতীয় সেনাই এই ঘটনাৰ লগত জড়িতসকলক বিচাৰি অনুসন্ধান আৰম্ভ কৰিছে ।

শ্বহীদ জোৱানসকলৰ ভিতৰত এজন ওড়িশাৰ আছিল । পুৰী জিলাৰ সখিগোপালৰ সমীপৰ আলাগুমাৰৰ বাসিন্দা আছিল শ্বহীদ দেৱাশীষ বাসৱাল । ভাৰতীয় সেনাৰ মুখ্য কাৰ্যালয়ৰ পৰা ফোনযোগে দেৱাশীষৰ পৰিয়ালক এই খবৰ দিয়া হৈছে । ইফালে খবৰ পোৱাৰ পাচতে তেওঁৰ গাঁৱত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে । দেৱাশীষক ভাৰতীয় সেনাৰ ৰাষ্ট্ৰীয় ৰাইফলছত নিযুক্তি দিয়া হৈছিল । তেওঁৰ পিতৃ হৈছে প্ৰতাপ বাসৱাল আৰু মাতৃৰ নাম মমতা বাসৱাল । দেৱাশীষে তেওঁৰ পত্নী সুশ্ৰী সংগীতা আৰু ৭ মাহৰ কন্যা সন্তানক এৰি থৈ গৈছে । তেওঁ ২০২১ চনত সুশ্ৰী সংগীতাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল ।

লগতে পঢ়ক :Army vehicle catches fire: কাশ্মীৰত জীৱন্তে অগ্নিদগ্ধ ৪ সেনা জোৱান

ABOUT THE AUTHOR

...view details