অসম

assam

ETV Bharat / bharat

বাবা ৰামদেৱক বিতৰ্কৰ বাবে প্ৰত্যাহ্বান জনালে ভাৰতীয় চিকিৎসা সংস্থাই - এল'পেথিক ঔষধ

শনিবাৰে যোগ গুৰু ৰামদেৱক বিতৰ্কৰ বাবে প্ৰত্যাহ্বান জনালে ভাৰতীয় চিকিৎসা সংস্থাই । ক'ভিড-১৯ত আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ বাবে এল'পেথিক চিকিৎসালয়ত পতঞ্জলিৰ ঔষধ ব্যৱহাৰৰ কৰাৰ উদাহৰণ আছে নেকি বুলিও ভাৰতীয় চিকিৎসা সংস্থাই প্ৰশ্ন কৰে ।

The IMA on Saturday challenged Ramdev for a debate
ৰামদেৱক বিতৰ্কৰ বাবে প্ৰত্যাহ্বান জনালে ভাৰতীয় চিকিৎসা সংস্থাই

By

Published : May 29, 2021, 6:16 PM IST

নেশ্যনেল ডেস্ক, ২৯ মে': ভাৰতীয় চিকিৎসা সংস্থাৰ উত্তৰাখণ্ড শাখা আৰু যোগ গুৰু বাবা ৰামদেৱৰ মাজত বৃদ্ধি পাইছে মতানৈক্য । শনিবাৰে ৰামদেৱক বিতৰ্কৰ বাবেও প্ৰত্যাহ্বান জনায় চিকিৎসা সংস্থাটোৱে । লগতে ক'ভিড ৰোগীৰ চিকিৎসাৰ বাবে কোনখন এল'পেথিক চিকিৎসালয়ত পতঞ্জলিৰ ঔষধ ব্যৱহাৰৰ কৰা হৈছে বুলিও প্ৰশ্ন কৰে ।

ৰামদেৱলৈ প্ৰেৰণ কৰা এখন পত্ৰত ভাৰতীয় চিকিৎসা সংস্থাৰ উত্তৰাখণ্ড শাখাৰ সচিব ড৹ অজয় খান্নাই ৰামদেৱক উদ্দেশ্যি লিখিছে যে, "আপুনি ইতিমধ্যে আপোনাৰ ২৫ টা প্ৰশ্ন ৰাজহুৱা কৰিছে আৰু এতিয়া আপুনি আমাৰ বিশেষজ্ঞসকলৰ প্ৰশ্নৰ সন্মুখীন হ'বলৈ সাজু হোৱা উচিত"

শেহতীয়াকৈ টেলিভিছনত সম্প্ৰচাৰিত হোৱা এক অনুষ্ঠানত যোগ গুৰু ৰামদেৱে দাবী কৰিছিল যে, পতঞ্জলিৰ সামগ্ৰীবোৰ অতি কাৰ্যকৰী আৰু এয়া এল'পেথিক চিকিৎসালয়ত হাজাৰ হাজাৰ ৰোগীৰ চিকিৎসা ক্ষেত্ৰত হোৱা পৰীক্ষণৰ পিছত প্ৰমাণিত হৈছে ।

ৰামদেৱে এল'পেথিক ঔষধৰ বিৰুদ্ধে মন্তব্য কৰাৰ দুদিনৰ পিছতে ভাৰতীয় চিকিৎসা সংস্থাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । এল'পেথিক ঔষধ সন্দৰ্ভত ৰামদেৱে ভুল আৰু ভিত্তিহীন মন্তব্য কৰাৰ অভিযোগ তুলিছে ভাৰতীয় চিকিৎসা সংস্থাই । উল্লেখ্য যে, ইয়াৰ পূৰ্বে এল'পেথিক ঔষধ আৰু চিকিৎসকৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ অভিযোগ তুলি ৰামদেৱৰ বিৰুদ্ধে মানহানিৰ জাননী জাৰি কৰিছিল সংস্থাটোৱে ।

জাননীখনৰ জৰিয়তে তেওঁক ১৫ দিনৰ ভিতৰত ক্ষমা বিচাৰিবলৈ দাবী জনোৱা হৈছিল । ক্ষমা নিবিচাৰিলে ১ হাজাৰ কোটি টকাৰ ক্ষতিপূৰণৰ লোৱাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলিও সকীয়নি দিয়া হৈছিল । ছ'চিয়েল মিডিয়াত প্ৰচাৰিত ৰামদেৱৰ ভিডিঅ'টোৰ উদ্ধৃতি দি সংস্থাটোৱে কয় যে, ভিডিঅ'টোত এল'পেথিক চিকিৎসা ব্যৱস্থাক ৰামদেৱে মুৰ্খামি বুলি ৰামদেৱক কোৱা দেখা গৈছে আৰু লগতে দেওলীয়া বিজ্ঞান বুলি তাচ্ছিল্য কৰিছে ।

পিছত সংস্থাটোৱে ৰামদেৱৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আহ্বান জনায় আৰু তেওঁৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰিবলৈও দাবী জনায় । অৱশ্যে, শুকুৰবাৰে, ভাৰতীয় চিকিৎসা সংস্থাই কয় যে, তেওঁলোকে যোগ গুৰু ৰামদেৱৰ বিৰুদ্ধে দাখিল কৰা আৰক্ষীৰ অভিযোগ ঘূৰাই লোৱা সন্দৰ্ভত বিবেচনা কৰিব ।

আনহাতে, যদি ৰামদেৱে কৰ'ণা প্ৰতিষেধক এল'পেথিক ঔষধৰ বিষয়ে কৰা মন্তব্য প্ৰত্যাহাৰ কৰে তেন্তে তেওঁলৈ প্ৰেৰণ কৰা মানহানিৰ জাননীও ঘূৰাই লোৱাৰ কথা বিবেচনা কৰিব বুলি জানিবলৈ দিছে সংস্থাটোৱে ।

লগতে পঢ়ক:এনডিএ কেডেটৰ সৈতে পুছ আপ নৌসেনা প্ৰধানৰ

ABOUT THE AUTHOR

...view details