নেশ্যনেল ডেস্ক,২৪ এপ্ৰিল :তেলেংগানাৰ খাম্মাম জিলাত শোকাৱহ ঘটনা । পত্নীক বচাবলৈ গৈ কুঁৱাত পৰি মৃত্যু দুৰ্ভগীয়া স্বামীৰ (Tragic incident at Khammam)। লোকজনক উদ্ধাৰ কৰিবলৈ কুঁৱাত জপিওৱা বন্ধুৰো অকাল মৃত্যু । সমগ্ৰ ঘটনাক লৈ তীব্ৰ চাঞ্চল্য । আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ কেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ।
দেওবাৰে নিশা খাম্মাম জিলাত এই কৰুণ ঘটনাটো সংঘটিত হৈছে । আপ্পালানাৰাসিংহপুৰম গাঁৱত নাগাৰ্জু আৰু তেওঁৰ পত্নী ৰমনাৰ মাজত কোনো কথাক লৈ কাজিয়াৰ সূত্ৰপাত হৈছিল । তেওঁলোকৰ কাজিয়াৰ মাজতে পত্নী ৰমনা আঘাতপ্ৰাপ্ত হয় । তাৰ পাচতে ৰমনাই আত্মহত্যাৰ ভাবুকি দি ঘৰৰ পৰা ওলাই যায় । ৰমনাই স্বামী নাগাৰ্জুক কৈ গৈছিল যে তেওঁ কুঁৱাত জপিয়াই আত্মহত্যা কৰিব ।
পত্নীক তেনেদৰে ঘৰৰ পৰা ওলাই যোৱা দেখি নাগাৰ্জুৱেও পিছে পিছে গৈছিল । কিছু সময়ৰ পাচত নাগাৰ্জুৱে পত্নীক বিচাৰি নোপোৱাত চিন্তিত হৈ পৰে । তেতিয়া তেওঁ ভাবিলে যে সঁচাকৈয়ে পত্নীয়ে কুঁৱাত জপিয়াইছে । পলম নকৰি নাগাৰ্জুৱে পত্নীক উদ্ধাৰ কৰিবলৈ কুঁৱাত জাপ দিলে । কিন্তু দুৰ্ভাগ্যৰ কথাটো হ'ল যে নাগাৰ্জুৱে সাঁতুৰিব নাজানে । ফলত তেওঁ মৃত্যুক আঁকোৱালি ল'বলগীয়া হয় (Husband drowns in well)।