অসম

assam

ETV Bharat / bharat

Holi Precaution Tips: হোলী খেলাৰ পূৰ্বে কৰিবলৈ নাপাহৰিব এইসমূহ কাম - হোলী

সমগ্ৰ দেশতে আৰম্ভ হৈছে হোলীৰ উদযাপন । ৮ মাৰ্চত অতি উৎসাহেৰে উদযাপন কৰা হৈছে ৰঙৰ উৎসৱ(Holi 2023)। যদি আপুনিও ঘৰৰ পৰা ওলাই আহি হোলী খেলিবলৈ ওলাইছে, তেন্তে বিশেষকৈ এইবোৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া উচিত ।

The fun of Holi should not be spoiled so keep these things in mind before going out
হোলী খেলাৰ পূৰ্বে কৰিবলৈ নাপাহৰিব এইসমূহ কাম

By

Published : Mar 8, 2023, 1:47 PM IST

আহি গ'ল ৰঙৰ উৎসৱ হোলী ইয়াৰ মাজতে সুস্বাদু খাদ্য, মিঠাই, ৰঙীন গুলালৰ সৈতে খেলা-ধূলা কৰিবলৈ অপেক্ষা কৰি থকা মানুহৰ মাজত উৎসাহ দেখিবলৈ পোৱা গৈছে(Holi 2023) । কিন্তু, এই সকলোবোৰ মজাৰ সৈতে আমি অলপ সাৱধানতা অৱলম্বন কৰাটো খুবেই প্ৰয়োজন অন্যথা হোলীৰ ৰঙে আমাৰ এই আনন্দ দুখলৈ পৰিণত কৰিব পাৰে ।

হোলী খেলোতে আমি আমাৰ ছাল আৰু চুলিৰ বিশেষ যত্ন ল’ব লাগে(celebration of holi festival)। গতিকে যদি আপুনি হোলী খেলি ভাল পায় কিন্তু আপুনি চুলি, নখ আৰু ছালৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া উচিত সেয়ে আমি আপোনাক এনে কিছুমান টিপছৰ বিষয়ে ক'বলৈ ওলাইছো, যিসমূহ অনুসৰণ কৰি আপুনি কোনো ভয় নোহোৱাকৈ হোলীৰ সম্পূর্ণ আনন্দ ল'ব পাৰিব (Holi Precaution Tips)।

হোলী খেলিবলৈ যোৱাৰ পূৰ্বে কৰক এইসমূহ কাম

সম্পূৰ্ণ হাতৰ কাপোৰ পিন্ধক

হোলী খেলাৰ আনন্দ ঘৰৰ বাহিৰতহে আহে, গতিকে ঘৰৰ পৰা ওলাই অহাৰ আগতে নিশ্চিত হওক যে আপুনি সম্পূৰ্ণ হাতৰ কপাহী কাপোৰ পিন্ধিব, যাতে ৰং আৰু সূৰ্যৰ পোহৰৰ কুপ্ৰভাৱে আপোনাৰ শৰীৰত প্ৰত্যক্ষভাৱে প্ৰভাৱ নপৰে(how to celebrate holi)।

তেল প্ৰয়োগ কৰক

মুখ আৰু চুলিক ক্ষতিৰ পৰা ৰক্ষা নিজকে কৰিবলৈ তেল ব্যৱহাৰ কৰক । ঘৰৰ পৰা ওলোৱাৰ আগতে তেলেৰে ছালখন মালিচ কৰি চাওক, চুলিৰ ক্ষেত্ৰতো একেদৰেই কৰক । চুলিত তেল লগাই ব্ৰেইড কৰা ঠেং বা বান বনাওক(Happy Holi)। এই তেলে আপোনাৰ ছাল আৰু চুলিক ক্ষতিৰ পৰা ৰক্ষা কৰিবলৈ ৰক্ষাকবচৰ দৰে কাম কৰিব ।

ছানগ্লাছ

কাৰণ হোলীৰ হুলস্থুল পুৱাৰে পৰা আৰম্ভ হয় আৰু সকলোৱে বাহিৰত মুকলি খেলপথাৰত খেলি ভাল পায়(health tips for holi)। এনে পৰিস্থিতিত চকুত ৰং যোৱাৰ সম্ভাৱনাৰ লগতে সূৰ্যৰ ক্ষতিকাৰক ৰশ্মিয়েও চকুত প্ৰভাৱ পৰাৰ পৰিস্থিতিৰ সৃষ্টি কৰে । সেইবাবেই যদি আপুনি ঘৰৰ পৰা হোলী খেলিবলৈ ওলাই যায়, তেন্তে নিশ্চিতভাৱে ছানগ্লাছ পিন্ধিব ।

লগতে পঢ়ক:Happy and Safe Holi: আবিৰৰ ৰঙৰ মাজত ল'বলৈ নাপাহৰিব নিজৰ স্বাস্থ্যৰ যত্ন

ABOUT THE AUTHOR

...view details