নিউজ ডেস্ক,৩০ এপ্ৰিল :৩০ এপ্ৰিল অৰ্থাৎ আজি বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ (First solar eclipse of 2022)। সূৰ্য, পৃথিৱী আৰু চন্দ্ৰৰ অৱস্থানৰ বাবেই এই বিৰল মুহূৰ্ত । জ্যোতিৰ্বিজ্ঞানীসকলৰ মতে বিশ্বজুৰি এয়া হ'ব আংশিক সূৰ্যগ্ৰহণ ।
ভাৰতীয় সময় অনুসৰি আংশিক সূৰ্যগ্ৰহণ আজি দুপৰীয়া ১২.১৫ বাজি ৩ ছেকেণ্ডৰ পৰা আৰম্ভ হ’ব আৰু বিয়লি ২.১১ বাজি ২ ছেকেণ্ডলৈ চলিব সূৰ্যগ্ৰহণ । উজ্জয়নৰ চৰকাৰী জীৱাজী পৰ্যবেক্ষণালয়ৰ অধীক্ষক ড৹ ৰাজেন্দ্ৰ প্ৰকাশ গুপ্তাই প্ৰকাশ কৰা মতে বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ ভাৰতৰ পৰা দৃশ্যমান নহ'ব (Solar eclipse will not be visible from India)।