নেশ্যনেল ডেস্ক,১৯ নৱেম্বৰ :প্ৰধানমন্ত্ৰী মোডীয়ে (PM Narendra Modi) শুকুৰবাৰে কৃষি আইন (Farm laws) বাতিল কৰা হ'ব বুলি ঘোষণা কৰাৰ লগে লগে ভাৰতৰ অন্যতম বৃহৎ আন্দোলন কৃষকসকলৰ প্ৰতিবাদৰ সমাপ্তি ঘটিল । এবছৰ পূৰ্বে এই আন্দোলনৰ আৰম্ভ হৈছিল আৰু যোৱা সময়চোৱাত এই আন্দোলনে ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল । লক্ষণীয়ভাৱে কেইমাহমানৰ ভিতৰতে অনুষ্ঠিত হ'বলগীয়া কেইবাখনো ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ (Assembly Election) পূৰ্বে এই আন্দোলনৰ সমাপ্তি ঘটিল ।
২০২০ চনৰ ছেপ্টেম্বৰ মাহত, সংসদত প্ৰস্তাৱিত তিনিখন কৃষি বিধেয়ক গৃহীত কৰাৰ বাবে চৰকাৰে দাবী উত্থাপন কৰিছিল । চৰকাৰৰ উদ্দেশ্য আছিল কৃষিৰ বাণিজ্য মুক্ত কৰা আৰু কৃষকসকলক তেওঁলোকৰ উৎপাদিত সামগ্ৰী স্থানীয় চৰকাৰ নিয়ন্ত্ৰিত মাণ্ডিত সীমাবদ্ধ কৰাৰ পৰিৱৰ্তে য'ত বিচাৰে বিক্ৰী কৰিবলৈ অনুমতি দিয়া । কিন্তু সমগ্ৰ দেশৰ কৃষকসকলে এই আইনক লৈ হতাশ হৈছিল আৰু তেওঁলোকে দাবী কৰিছিল যে এই কৃষি আইন তেওঁলোকৰ জীৱিকাৰ ক্ষেত্ৰত বাধা হিচাপে থিয় দিব আৰু বিপদজনক হ'ব ।
৩ নৱেম্বৰত দেশজুৰি পথ অৱৰোধকে ধৰি নতুন কৃষি আইনৰ বিৰুদ্ধে বিক্ষিপ্ত প্ৰতিবাদ হৈছিল । তাৰ পাছতে পাঞ্জাৱ আৰু হাৰিয়ানাৰ কৃষক সংগঠনসমূহে 'দিল্লী চলো' (Delhi Chalo) প্ৰতিবাদৰ আহ্বান জনাইছিল ।
২৬ নৱেম্বৰত, পাঞ্জাৱৰ কৃষকসকলে হাৰিয়ানা আৰক্ষীৰ সৈতে এক সংঘৰ্ষত লিপ্ত হোৱাৰ পাছত সিংঘু আৰু টিক্ৰি সীমান্তত উপস্থিত হৈছিল । তেতিয়াৰ পৰাই তেওঁলোকে দিল্লীৰ প্ৰচণ্ড শীত, আৰক্ষীৰ লাঠীচালনা আৰু কৰ'ণা ভাইৰাছৰ (Corona Virus) দ্বিতীয় ঢৌক নেওচি তাত প্ৰতিবাদ অব্যাহত ৰাখিছিল । তেওঁলোকে পাঞ্জাৱ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশলৈ যোৱা তিনিটা মুখ্য ঘাইপথৰ কাষত শ শ শিবিৰ স্থাপন কৰিছিল আৰু অস্থায়ী সামূহিক পাকঘৰ আৰু স্বাস্থ্য শিবিৰ স্থাপন কৰিছিল । ইয়াৰ দ্বাৰা এক স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছিল যে তেওঁলোক দীঘলীয়া সময়ৰ প্ৰতিবাদৰ বাবে প্ৰস্তুত আছিল ।
যিকোনো পৰিস্থিতিৰ বাবে সাজু আছিল প্ৰতিবাদকাৰীসকল
কৃষকৰ প্ৰতিনিধি আৰু চৰকাৰৰ মাজত মুঠ ১১ টা পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হৈছিল । কিন্তু চৰকাৰে সমাধানত উপনীত হ'ব পৰা নাছিল । চৰকাৰে কৈছিল যে এই আইনবোৰ সংশোধন কৰিব আৰু সেইবোৰ ডেৰ বছৰৰ বাবে স্থগিত ৰখাৰ প্ৰস্তাৱ দিছিল । কিন্তু কৃষকসকলে বিচাৰিছিল যে আইন সম্পূৰ্ণৰূপে বাতিল কৰিব লাগে ।
ভাৰতীয় কিষাণ ইউনিয়নে (BKU) ১১ ডিচেম্বৰত তিনিখন কৃষি আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল । উচ্চতম ন্যায়ালয়ে বিতৰ্কিত কৃষি আইনৰ কাৰ্যকৰীকৰণ স্থগিত ৰাখিছিল আৰু উভয় পক্ষৰ কথা শুনি আইনখনৰ ওপৰত পৰামৰ্শ দিবলৈ চাৰিজনীয়া সমিতি গঠন কৰিছিল । ফাৰ্মাৰ্চ প্ৰডিউচ ট্ৰেড এণ্ড কমাৰ্চ (প্ৰমোচন এণ্ড ফেচিলিটেশ্যন) আইন, ২০২০, প্ৰাইজ এচুৰেন্স এণ্ড ফাৰ্ম চাৰ্ভিচেছ এক্ট, ২০২০ ৰ ওপৰত কৃষক (সশক্তিকৰণ আৰু সুৰক্ষা) চুক্তি আৰু অত্যাৱশ্যকীয় সামগ্ৰী (সংশোধনী) আইন, ২০২০ কে ধৰি এই আইনবোৰ কৃষকসকলৰ মতে জীৱিকাৰ বাবে প্ৰত্যাহ্বানজনক আছিল ।
ইয়াৰ উপৰিও, নিম্নতম সমৰ্থন মূল্যত (MSP) ক্ৰয় সম্পৰ্কীয় বিষয়টো কৃষি আইনৰ অধীনত ভাবুকি আহিব পাৰে বুলি তেওঁলোকে আশংকা কৰিছিল । কৃষকসকলে ২০২০ চনৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল আৰু ইয়াৰ কাষৰীয়া অঞ্চল অধ্যাদেশত বায়ু গুণমান ব্যৱস্থাপনাৰ অধীনত শস্য জ্বলোৱাৰ জৰিমনা ব্যৱস্থাৰ পৰা মুক্ত হ'ব বিচাৰিছিল আৰু প্ৰস্তাৱিত বিদ্যুৎ (সংশোধনী) বিধেয়ক ২০২০ (Electricity Amendment Bill ) প্ৰত্যাহাৰৰ দাবী জনাইছিল । কেন্দ্ৰীয় চৰকাৰ আৰু প্ৰতিবাদকাৰী কৃষক উভয়েই তেওঁলোকৰ মতত অটল আছিল আৰু সেয়েহে প্ৰতিবাদ অব্যাহত আছিল ।
প্ৰতিবাদৰ সময়ত জীৱিকা আৰু প্ৰাণহানি
পাটিয়ালাৰ পাঞ্জাৱী বিশ্ববিদ্যালয়ৰ (Punjabi University) সহযোগত দুগৰাকী অৰ্থনীতিবিদৰ দ্বাৰা কৰা এক অধ্যয়নত প্ৰকাশ পাইছে যে প্ৰতিবাদত প্ৰায় ৬০০ কৃষকৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন হৈছে । দিল্লীৰ সীমাত কৃষকসকলৰ প্ৰতিবাদৰ আঁৰত বেছিভাগ 'ধনী কৃষক' আছে বুলি কৰা দাবীৰ বিপৰীতে মৃত্যু হোৱা সকল ক্ষুদ্ৰ, মজলীয়া কৃষক আৰু ভূমিহীন খেতিয়ক আছিল । যিসকলে গঢ়ে ২.৯৪ একৰ ভূমিতকৈ বেছি ভূমিত খেতি কৰা নাছিল । মালৱা অঞ্চলত প্ৰতিবাদত সৰ্বাধিক কৃষকে অংশগ্ৰহণ কৰাৰ লগতে তাত সৰ্বাধিক কৃষকৰ মৃত্যু হৈছিল ।