নেশ্যনেল ডেস্ক, ৭ জুলাই: বিদেশৰ নাগৰিকক প্ৰতাৰণা কৰি দিল্লী আৰক্ষীৰ জালত পৰিল ৯৪ গৰাকী লোক । সামাজিক সুৰক্ষা আঁচনি নৱীকৰণৰ নামত অবৈধভাৱে ধন সংগ্ৰহৰ পৰিকল্পনা কৰিছিল দুটাকৈ ভুৱা কল চেণ্টাৰে । কীৰ্তি নগৰ আৰু মংগোলপুৰী অঞ্চলত থকা এই কল চেণ্টাৰ দুটাত অভিযান চলোৱাৰ পাছতহে সমগ্ৰ ঘটনা পোহৰলৈ আহে । আৰক্ষীয়ে জনোৱা মতে, গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি, কীৰ্তি নগৰ অঞ্চলত থকা এটা কল চেণ্টাৰত আৰক্ষীয়ে অভিযান চলায় ।
গ্ল'বেল এয়াৰফেয়াৰ নামৰ এটা ট্ৰেভেল এজেন্সীৰ নাম লৈ Public Security নম্বৰৰ নৱীকৰণৰ অচিলাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকক প্ৰতাৰণা কৰিছিল । কীৰ্তি নগৰৰ কল চেণ্টাৰটোত চলোৱা অভিযানৰ সময়ত ২৮ জন লোকক আৰক্ষীয়ে আটক কৰে । কল চেণ্টাৰটোত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামাজিক সুৰক্ষা প্ৰশাসন বিভাগ বুলি কৈ কৰ্মচাৰীসকলে বিদেশী নাগৰিকৰ সৈতে যোগাযোগ কৰে । সামাজিক সুৰক্ষা নম্বৰ স্থগিত ৰখাৰ অজুহাতত আমেৰিকা যুক্তৰাষ্ট্ৰত থকা লোকসকলক প্ৰতাৰণা কৰিবলৈ অবৈধ কৌশল অৱলম্বন কৰিছিল ।
আন্তৰ্জাতিক দীৰ্ঘ দূৰত্বৰ (International Long Distance) গে'টৱে উপেক্ষা কৰি ভি অ' আই পি (VOIP) কল ব্যৱহাৰ কৰি আমেৰিকাৰ নাগৰিকক যোগাযোগ কৰিছিল । হঠাতে কল চেণ্টাৰটোত অভিযানকাৰী দলটোক দেখাৰ পিছত কৰ্মচাৰীসকলে বিচ্ছিন্ন কৰি পলায়ন কৰিবলৈ চেষ্টা কৰে । কিন্তু আৰক্ষীয়ে আটাইকে আটক কৰে ।