নিউজ ডেস্ক, ২৮ নৱেম্বৰ :জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বিজেপিক সমালোচনা কৰি কয় যে বিজেপিৰ নীতি হৈছে মানুহৰ মাজত ঘৃণা সৃষ্টি কৰি ৰাজনৈতিক লাভালাভ আহৰণ কৰা । তেওঁ কয় যে ভাৰত জোড়ো যাত্ৰাৰ সময়ত বিজেপিয়ে বিয়পোৱা ঘৃণা প্ৰত্যক্ষ কৰিছিল । বিজেপিক প্ৰশ্ন কৰাৰ বাবেই তেওঁৰ বিৰুদ্ধে ২৪ টা গোচৰ ৰুজু কৰা হৈছে ।
ৰাহুল গান্ধীয়ে কয় যে এই ক্ৰমত তেওঁক সাংসদৰ বাসগৃহৰ পৰা উচ্ছেদ কৰাতো তেওঁ আঘাত পোৱা নাছিল । তেওঁ লগতে কয় যে দেশৰ সকলো লোকৰ হৃদয়তে তেওঁৰ বাবে এটা ঘৰ আছে । তেলেংগানা বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ কাৰ্যৰ অন্তিমদিনা তেওঁ হায়দৰাবাদৰ নামপল্লীত অনুষ্ঠিত কংগ্ৰেছৰ সভাত অংশগ্ৰহণ কৰি তেওঁ এই কথা কয় ।
ভাষণ প্ৰসংগত ৰাহুলে তেওঁৰ বিৰুদ্ধে ২৪ টা গোচৰ ৰুজু কৰা বিষয়ত বিজেপিক সমালোচনা কৰি কয় যে ইয়াৰ বিপৰীতে কিন্তু দুৰ্নীতিগ্ৰস্ত কেচিআৰৰ বিৰুদ্ধে এটাও গোচৰ ৰুজু কৰা নাই । তেওঁ কয় যে বিআৰএছে মোদী চৰকাৰে অনা সকলো বিধেয়ক সমৰ্থন কৰিছে । তেওঁ লগতে অভিযোগ কৰে যে কালেশ্বৰাম প্ৰকল্পত লাখ কোটি টকাৰ দুৰ্নীতি হৈছিল । যাৰ বাবে মেদিগাড্ডা প্ৰকল্পৰ পতন ঘটে । তেওঁ লগতে কয় যে যদি বিআৰএছক পুনৰ ভোট দিয়া হয়, তেন্তে অভিজাতসকলৰ চৰকাৰ পুনৰ আহিব । আনহাতে, যদি কংগ্ৰেছ জয়ী হয়, তেন্তে জনতাৰ চৰকাৰ আহিব ।
ৰাহুলে গান্ধীয়ে আৰু যে কংগ্ৰেছ চৰকাৰেহে হায়দৰাবাদক মেট্ৰ' ৰে'ল প্ৰকল্প আৱণ্টন দিছিল । তেওঁ দাবী কৰে যে কংগ্ৰেছেই হায়দৰাবাদক আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ দিছিল । কংগ্ৰেছ দলেই বাহ্যিক ৰিং ৰোড প্ৰকল্পটোত অনুমোদন জনাইছিল । যদি আমি ক্ষমতালৈ আহোঁ, আমি দৰিদ্ৰ লোকৰ পৰা কেচিআৰে চুৰি কৰা প্ৰতিটো টকা সংগ্ৰহ কৰিম আৰু দৰিদ্ৰ লোকৰ পকেটত পুনৰ ভৰাই দিম বুলিও তেওঁ প্ৰতিশ্ৰুতি দিয়ে ।