অসম

assam

ETV Bharat / bharat

Tripura Municipal Election: আৰম্ভ বেলট পেপাৰৰ ভোট গ্ৰহণ - পোষ্টেল বেলট

শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে ত্ৰিপুৰাৰ পৌৰ নিগমৰ নিৰ্বাচনৰ বেলট পেপাৰৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া । সদৰ মহকুমা প্ৰশাসনৰ অধীনত প্ৰায় ২,৭০০ গৰাকী কৰ্মচাৰীয়ে ৫১ টা ৱাৰ্ডৰ বাবে ভোট দান কৰিব । সমগ্ৰ আগৰতলা পৌৰ নিগমৰ ৫১ টা ৱাৰ্ডৰ বাবে ৬০ গৰাকী খণ্ড দণ্ডাধীশক দায়িত্ব দিয়া হৈছে ।

Tripura Municipal Election
আৰম্ভ বেলট পেপাৰৰ ভোট গ্ৰহণ

By

Published : Nov 20, 2021, 12:01 PM IST

আগৰতলা, ২০ নৱেম্বৰ :ত্ৰিপুৰাৰ পৌৰ নিগমৰ নিৰ্বাচনৰ (Tripura Municipal Election) ৫০ টা ৱাৰ্ডত শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে বেলট পেপাৰৰ (postal ballot) ভোট গ্ৰহণ প্ৰক্ৰিয়া । আগৰতলাৰ উমাকান্ত একাডেমীৰ তিনিটাকৈ প্ৰেক্ষাগৃহত বেলট পেপাৰৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হৈছে । পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে নিয়োজিত চৰকাৰী কৰ্মচাৰী আৰু আৰক্ষী বিষয়াসকলে পোষ্টেল বেলটৰ জৰিয়তে ভোটাধিকাৰ সাব্যস্ত কৰিছে । তিনিটা প্ৰেক্ষাগৃহৰ দায়িত্বত তিনিগৰাকী ৰিটাৰ্ণিং বিষয়া (Returning officers) নিয়োগ কৰা হৈছে ।

সদৰ মহকুমা দণ্ডাধীশ অসীম সাহাই এই বিষয়ে সাংবাদিকক অৱগত কৰে । কৰ্মচাৰীসকলে নিৰ্বাচনী কৰ্তব্যত যোগদানৰ বাবে তেওঁলোকৰ পৰিচয় পত্ৰ দেখুৱাই ভোটদান কৰিছে । পুৱা ১০ বজাৰ পৰাই আৰম্ভ হৈছিল ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰু শনিবাৰলৈ অব্যাহত থাকিব এই প্ৰক্ৰিয়া ।

সদৰ মহকুমা প্ৰশাসনৰ অধীনত প্ৰায় ২,৭০০ গৰাকী কৰ্মচাৰীয়ে ৫১ টা ৱাৰ্ডৰ (Ward) বাবে ভোট দান কৰিব । ইফালে, সদৰ মহকুমা প্ৰশাসনে নিৰ্বাচনৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে । অসীম সাহাই জনোৱা মতে আগৰতলা পৌৰ নিগমকে ধৰি ৰাজ্যখনৰ ২০ টা ৱাৰ্ডৰ নিৰ্বাচনৰ বাবে ভোটদান ২৫ নৱেম্বৰত অনুষ্ঠিত হ'ব । শনিবাৰৰ পৰা ইভিএম কমিছনিং (EVM commissioning) প্ৰক্ৰিয়া আৰম্ভ হৈছে ।

তেওঁ লগতে কয় যে, সমগ্ৰ আগৰতলা পৌৰ নিগমৰ ৫১ টা ৱাৰ্ডৰ বাবে ৬০ গৰাকী খণ্ড দণ্ডাধীশক নিৰ্বাচনী প্ৰক্ৰিয়া পৰিচালনাৰ বাবে দায়িত্ব দিয়া হৈছে । দণ্ডাধীশসকলে EVM কমিছন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিছিল । ভোটদান প্ৰক্ৰিয়া কেনেদৰে পৰিচালনা কৰিব লাগে সেই বিষয়ে তেওঁলোক অৱগত বুলি কয় সাহাই ।

৬০ গৰাকী খণ্ড দণ্ডাধীশৰ তত্বাৱধানত ভোটদান প্ৰক্ৰিয়া সম্পন্ন কৰা হ'ব আৰু তেওঁলোকে ভোটকেন্দ্ৰসমূহৰ ওপৰত নজৰ ৰাখিব । সাহাই জনোৱা মতে আগৰতলা পৌৰ নিগমৰ (Agartala Municipal Corporation) অধীনৰ ৪৩৯ টা ভোটকেন্দ্ৰত প্ৰায় ৩,০০০ প'লিং এজেণ্ট নিযুক্তি দিয়া হৈছে । ইফালে উমাকান্ত একাডেমীত ১৬ আৰু ১৭ নৱেম্বৰত ৰাজনৈতিক দলসমূহৰ সন্মুখত ই ভি এম কমিছন কৰা হৈছিল ।

লগতে পঢ়ক :ৰাজ্যসমূহক Aviation Fuelৰ ভেট হ্ৰাসৰ আহ্বান বিমান পৰিবহণ মন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details