নেশ্যনেল ডেস্ক, 5 নৱেম্বৰ:পঞ্জাৱৰ অমৃতসৰত শাম কটা নাই সুধীৰ চুৰী হত্যাকাণ্ডৰ উত্তেজনা ৷ শিৱসেনাৰ নেতাজনক হত্যা কৰা অভিযুক্তটোক শনিবাৰে আদালতত হাজিৰ কৰাৰ পিছতে 7 দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে (Accused on police remand for 7 days)৷
Sudhir Suri Murder case: চুধীৰ চুৰীৰ হত্যাকাৰীক 7 দিনলৈ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ শুকুৰবাৰে অমৃতসৰৰ সমীপৰ গোপাল মন্দিৰৰ মন্দিৰত সমীপত শিৱসেনাৰ নেতা সুধীৰ চুৰীক (Shiv Sena leader Sudhir Suri)গুলীয়াই হত্যা কৰা হৈছিল ৷
হিন্দু নেতা সুধীৰ চুৰীক গুলীয়াই হত্যা কৰা যুৱকজনক আজি অমৃতসৰৰ আদালতত হাজিৰ কৰোৱা হৈছিল, আৰক্ষী প্ৰশাসনে তেওঁক প্ৰচুৰ আৰক্ষী বাহিনীৰে আদালতত হাজিৰ কৰোৱা হৈছিল ।
প্ৰাপ্ত তথ্য অনুসৰি শিৱসেনা তকচালীৰ মুৰব্বী সুধীৰ চুৰীয়ে গোপাল মন্দিৰৰ ওচৰত শিৱসেনাৰ নেতাসকলৰ সৈতে এক প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি আছিল ৷ এই কাৰ্যসুচীত হিন্দু নেতা কেইজনমানৰ লগত বাক বিতণ্ডাত লিপ্ত হয় শিৱসেনাৰ নেতাগৰাকী (Unknown assailant fired at Sudhir Suri) ৷ এই কাজিয়াৰ মাজতে সুধীৰলৈ লক্ষ্য কৰি এজন লোকে গুলীচালনা কৰে (leader Sudhir Suri killed) ৷ গুলীৰ শব্দ শুনি ঘটনাস্থলীত হুৱাদুৱা পৰিৱেশৰ সৃষ্টি হয় ৷
গুলীৰ আঘাতত থিতাতে ঠাইতে ঢলি পৰে নেতাগৰাকী ৷ লগে লগে দলীয় লোকসকলে তেওঁক চিকিৎসালয়লৈ লৈ যায় ৷ অৱশ্যে চিকিৎসালয় নৌপাওঁতেই ৰক্তক্ষৰণ হৈ মৃত্যুমুখত পৰে নেতাগৰাকী ৷
এই ঘটনাৰ পিছত উক্ত স্থানত বৃহৎ সংখ্যক আৰক্ষী মোতায়েন কৰা হৈছিল । সুধীৰ চুৰীৰ হত্যাকাণ্ডৰ পিছত আৰক্ষী আয়ুক্ত অৰুণপাল সিঙে সংবাদ মাধ্যমক হত্যাৰ বিষয়ে অৱগত কৰিছিল ৷ তেওঁ লগতে কয়- "আমি নিয়ন্ত্ৰণ কক্ষৰ পৰা প্ৰায় ৪ বজাৰ ভিতৰত এটা ফোন কল পাইছিলো যে শিৱসেনাৰ নেতা সুধীৰ চুৰি গুলীবিদ্ধ হৈছে । তেওঁক অমৃতসৰৰ স্কট চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও তেওঁ মৃত্যুৰ ওচৰত হাৰ মানে ।"
লগে লগে আৰক্ষীয়ে চিচিটিভি ফুটেজৰ সহায়ত হত্য়াকাৰীটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল৷ আৰক্ষীয়ে অপৰাধীটোৰ পৰা অস্ত্ৰও উদ্ধাৰ কৰিছিল ।
এই ঘটনাৰ পিছতে আৰক্ষী আয়ুক্তগৰাকীয়ে অমৃতসৰৰ জনসাধাৰণক শান্তি বজাই ৰাখিবলৈ আহ্বান জনাইছিল ৷ আৰক্ষীয়ে ইতিমধ্যে এই হত্যাকাণ্ডৰ ওপৰত তদন্ত আৰম্ভ কৰিছে ৷ এই ঘটনাত জড়িত দোষীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷
লগতে পঢ়ক:Sudhir Suri shot dead: শিৱসেনাৰ নেতা সুধীৰ চুৰীক গুলীয়াই হত্যা