নিউজ ডেস্ক, ১৩ ডিচেম্বৰ: বেংগালুৰু আৰু গ্ৰামাঞ্চলৰ ৬০খনতকৈও অধিক বিদ্যালয়ত বোমা বিস্ফোৰণৰ ভাবুকি দিয়াৰ গোচৰৰ তদন্ত চলি থকাৰ সময়তে এজন অচিনাকি ব্যক্তিয়ে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ(NIA) হেল্পলাইনত ফোন কৰি ভুৱা বোমাৰ ভাবুকি দিয়ে । এই গোচৰৰ সন্দৰ্ভত আৰক্ষীয়ে অভিযান চলাই ভাস্কৰ নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে ।
ৰাজভৱনত বোমা সংস্থাপনৰ ভুৱা ভাবুকি দি গ্ৰেপ্তাৰ যুৱক কোলাৰ জিলাৰ মুলবাগিলু তালুকৰ বদ্দাহল্লীৰ পৰা অহা ভাস্কৰে শেহতীয়াকৈ বেংগালুৰুৰ বিদ্যালয়ত বোমা ৰখাৰ খবৰৰ বিষয়ে জানিবলৈ পাৰে । এই সন্দৰ্ভত আৰক্ষীয়ে তীব্ৰ তদন্ত চলাই থকাৰ কথাও তেওঁ অৱগত হয় । মঙলবাৰে তেওঁ চহৰৰ পৰা বেংগালুৰুলৈ আহে আৰু বেংগালুৰু পুলিচৰ লগত খেল খেলাৰ সিদ্ধান্ত লয় । তেওঁ গুগলত সন্ধান কৰি NIAৰ নম্বৰ সংগ্ৰহ কৰে আৰু ৰাজভৱনত বোমা সংস্থাপন কৰা বুলি ফোন কৰি ভাবুকি দিয়ে ৷
ফোনযোগে এই ভাবুকি লাভ কৰাৰ পাচতেই NIAৰ বিষয়াসকলে এই বিষয়ে আৰক্ষীক অৱগত কৰে । আনহাতে ভাস্কৰে বেংগালুৰুৰ পৰা পোনে পোনে অন্ধ্ৰ চিত্তুৰৰ এটা মন্দিৰলৈ গৈছিল । চিত্তুৰৰ পৰা তন্নুৰলৈ উভতি আহি থকা অৱস্থাত ভাস্কৰক গ্ৰেপ্তাৰ কৰা হয় । বোমা ভাবুকি ফোন লাভ কৰাৰ পিচতে আৰক্ষীয়ে নম্বৰটো ট্ৰেক কৰি আছিল । সম্প্ৰতি বিধানসভা থানা আৰক্ষীয়ে ভাস্কৰৰ জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা হৈছে ।
উল্লেখ্য যে, সোমবাৰে নিশা প্ৰায় ১১.৩০ বজাত ৰাজ্যখনৰ ডোমালুৰস্থিত ৰাষ্ট্ৰীয় তদন্তকাৰী সন্থাৰ কাৰ্যালয়ৰ নিয়ন্ত্ৰণ কক্ষলৈ অচিনাক্ত লোকে ফোন কৰি ৰাজভৱনৰ চৌহদত বোমা স্থাপন কৰাৰ কথা ব্যক্ত কৰে ৷ বেনামী ফোন পোৱাৰ লগে লগে NIAৰ বিষয়াসকলে এই তথ্য আৰক্ষীলৈ প্ৰেৰণ কৰে । ইয়াৰ পিচত প্ৰায় ১২ বজাত আৰক্ষী, বোমা নিষ্কাশন দল, ডগ স্কোৱাড আৰু ফিংগাৰপ্ৰিণ্ট বিশেষজ্ঞই ৰাজভৱনত উপস্থিত হৈ চৌদিশে অভিযান চলায় । কিন্তু অভিযানকাৰী দলে কোনো সন্দেহজনক বস্তু লাভ কৰাত ব্যৰ্থ হয় আৰু এইটো এটা ভুৱা ফোন আছিল বুলি অভিযানকাৰী দলটো নিশ্চিত হয় । ইয়াৰে তদন্ত অব্যাহত ৰাখি আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত ভাস্কৰক গ্ৰেপ্তাৰ কৰে ৷
লগতে পঢ়ক:বোমা আতংকৰ পিছত বেংগালুৰুৰ বিদ্যালয়ত স্বাভাৱিক পাঠদান