অসম

assam

ETV Bharat / bharat

এগৰাকী আকস্মিক সাঁপ ধৰোতা - বাংগালুৰুৰ সৰ্প সাদিক

বাংগালুৰুৰ দোব্বাবল্লাপুৰৰ তালুকত ‘সৰ্প সাদিক’ হিচাপে পৰিচিত এজন লোক ৷ তালুকৰ কোনো জনবসতিপূৰ্ণ অঞ্চলত সাঁপ ওলালেই পালনাৰ জোগীহাল্লীৰ বাসিন্দা সাদিকক উদ্ধাৰৰ বাবে মাতে ৰাইজে ৷

The Accidental Snake Catcher Snake Sadik
এগৰাকী আকস্মিক সাঁপ ধৰোতা

By

Published : Dec 29, 2020, 1:19 PM IST

নেশ্যনেল ডেস্ক,29 ডিচেম্বৰ: এগৰাকী ব্যক্তি, যি হঠাতে এদিন নিজৰ ঘৰত থকা সাঁপ এডাল উদ্ধাৰ কৰাৰ পিছতে পৰিচিত হৈ পৰিল সাঁপ উদ্ধাৰকাৰী হিচাপে ৷ ‘সৰ্প সাদিক’ হিচাপে পৰিচিত লোকজনে বৰ্তমানলৈকে 7,977 ডাল সাঁপ উদ্ধাৰ কৰিছে ৷ বাংগালুৰুৰ দোব্বাবল্লাপুৰৰ তালুকত যথেষ্ট জনপ্ৰিয় ‘সৰ্প সাদিক’ ৷ তালুকৰ কোনো জনবসতিপূৰ্ণ অঞ্চলত সাঁপ ওলালেই পালনাৰ জোগীহাল্লীৰ বাসিন্দা সাদিকক উদ্ধাৰৰ বাবে মাতে ৰাইজে ৷

এগৰাকী আকস্মিক সাঁপ ধৰোতা

সৰ্প সাদিকে নিজৰ বাজাজ স্কুটাৰখনেৰে ঘটনাস্থলীত উপস্থিত হৈ সাঁপসমূহ উদ্ধাৰ কৰে ৷ সদিকে উদ্ধাৰ কৰা সাঁপসমূহ ঘাটি সুব্ৰমন্যাৰ বনাঞ্চলত এৰি দিয়ে ৷ পেচাত এগৰাকী ৰান্ধনী সাদিকে সক্ৰিয়ভাৱে সাঁপৰ উদ্ধাৰকাৰ্যত নিয়োজিত হৈ আছে ৷

35 বছৰ বয়সত সাদিকে নিজৰ জীৱনৰ প্ৰথম সাঁপ উদ্ধাৰ কৰিছিল ৷ সাদিকে সাঁপডাল এটা প্লাষ্টিকৰ পাত্ৰত ভৰাই কাষৰ বনাঞ্চলত এৰি দিয়ে ৷ আৰু তেতিয়াৰ পৰাই সাদিকে প্ৰায় 7,977 ডাল সাঁপ উদ্ধাৰ কৰিছে ৷ এই কাৰ্যত কেইবাবাৰো সাদিকক সাঁপে খুটিছিল ৷ ইয়াৰ বাবে ঔষধো প্ৰস্তুত কৰি উলিয়াইছে সৰ্প সাদিকে ৷

লগতে পঢ়ক-ত্ৰিপুৰাত চিপ লোৱা অৱস্থাত উদ্ধাৰ ছাত্ৰৰ মৃতদেহ

ABOUT THE AUTHOR

...view details