অসম

assam

ETV Bharat / bharat

প্ৰধানমন্ত্ৰীৰ ভাষণক লৈ সমালোচনা: ক্ষমা বিচাৰিলে শশী থাৰুৰে - জ্যেষ্ঠ কংগ্ৰেছ নেতা

অৱশেষত ক্ষমা বিচাৰিলে জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শশী থাৰুৰে । বাংলাদেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাষণ প্ৰসংগত ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক লৈ কৰা মন্তব্যৰ বাবে তীব্ৰ সমালোচনা কৰিছিল জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে । মহামাৰীৰ সংক্ৰমণ অব্যাহত থকাৰ মাজতে প্ৰথমবাৰৰ বাবে বিদেশ ভ্ৰমণ কৰিবলৈ গৈছে প্ৰধানমন্ত্ৰী গৰাকীয়ে ।

শশী থাৰুৰ
শশী থাৰুৰ

By

Published : Mar 27, 2021, 7:36 PM IST

নেশ্যনেল ডেস্ক,২৭ মাৰ্চ: দুদিনীয়া ভ্ৰমণসূচীৰে বাংলাদেশলৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সমালোচনা কৰা জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শশী থাৰুৰে অৱশেষত নিজৰ ভুল স্বীকাৰ কৰিলে । শনিবাৰে টুইটযোগে ক্ষমা বিচাৰে থাৰুৰে । বাংলাদেশত এক অনুষ্ঠানত ভাষণ প্ৰদান কৰি থকাৰ সময়ত দেশখনৰ স্বাধীনতা সংগ্ৰামত ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ ভূমিকাক লৈ প্ৰধানমন্ত্ৰী মোডীয়ে কৰা মন্তব্যক লৈ সমালোচনা কৰিছিল জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে ।

শনিবাৰে টুইটযোগে থাৰুৰে কয় যে, "মই ভুল বুলি প্ৰমাণিত হ'লে সেয়া স্বীকাৰ কৰাত মোৰ কোনো আপত্তি নাই । শুকুৰবাৰে বাতৰিৰ শিৰোনাম আৰু টুইট ওপৰে ওপৰে পঢ়ি মই এনেদৰে টুইট কৰিছিলো" ৷ দৰাচলতে শুকুৰবাৰে থাৰুৰে টুইটত লিখিছিল যে, বাংলাদেশৰ স্বাধীনতাৰ বাবে কোনে কি ভূমিকা পালন কৰিছিল সেয়া সকলোৱে জানে । ইয়াৰ জৰিয়তে ইয়াকে সূচাইছিল যে, নৰেন্দ্ৰ মোডীয়ে ইন্দিৰা গান্ধীৰ ভূমিকাক স্বীকাৰ কৰা নাই ।

তেওঁ টুইটৰ লগতে এখন সংবাদ প্ৰতিবেদন সংলগ্ন কৰি দিয়ে, যিখনত উল্লেখ কৰা হৈছে যে, বাংলাদেশৰ স্বাধীনতা আন্দোলনত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ ভূমিকাক লৈ মোডীয়ে কৰা মন্তব্য এক বেলেগ ৰূপত দাঙি ধৰা হৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৈছিল যে, বাংলাদেশৰ স্বাধীনতাৰ ক্ষেত্ৰত ইন্দিৰা গান্ধীৰ অৱদানৰ বিষয়ে সকলোৱে জানে । ১৯৭১ চনত বাংলাদেশে স্বাধীনতা লাভ কৰিছিল । COVID-১৯ মহামাৰীৰ সংক্ৰমণ অব্যাহত থকাৰ মাজতে প্ৰথমবাৰৰ বাবে বিদেশ ভ্ৰমণ কৰিবলৈ গৈছে প্ৰধানমন্ত্ৰী গৰাকীয়ে ।

লগতে পঢ়ক: ঝাৰখণ্ডত জঘন্য ঘটনা

ABOUT THE AUTHOR

...view details