অসম

assam

By ETV Bharat Assamese Team

Published : Nov 12, 2023, 2:16 PM IST

ETV Bharat / bharat

Accident in Ludhiana : থাৰৰ খুন্দাত চিটিকিল দুখন মটৰ চাইকেলক; আহত কেবাজনো

লুধিয়ানাত অঘটন ৷ তীব্ৰবেগী থাৰ বাহনে মহতীয়ালে দুখন মটৰ চাইকেলক ৷ এই দুৰ্ঘটনাত আহত দুই মটৰ চাইকেল আৰোহীসহ আন এজন লোক ৷

Etv Bharat
লুধিয়ানাত অঘটন

নেশ্যনেল ডেস্ক, 12 নৱেম্বৰ :ৰাজপথত বৃদ্ধি পাইছে তীব্ৰবেগী যান-বাহনৰ দৌৰাত্ম্য ৷ শনিবাৰে নিশা লুধিয়ানাত তীব্ৰবেগী বিলাসী বাহনে মহতীয়ালে দুখন মটৰ চাইকেলক ৷ যাৰ ফলত গুৰুতৰভাৱে আহত হয় দুই মটৰ চাইকেল আৰোহী ৷ বৰ্তমান আহত দুই ব্যক্তি চিকিৎসকৰ নিৰীক্ষণত আছে বুলি জানিব পৰা গৈছে ৷

বিৱৰণি অনুসৰি, শনিবাৰে নিশা এখন তীব্ৰবেগী থাৰ বাহনে নিয়ন্ত্ৰণ হেৰুৱাই লুধিয়ানাত গিল ৰোডত পূৰ্বৰে পৰা ৰৈ থকা 2 খন মটৰ চাইকেলক খুন্দা মাৰে । ফলত দুয়োখন মটৰ চাইকেল থাৰ বাহনখনৰ তলত আবদ্ধ হৈ পৰে । এই দুৰ্ঘটনাটোত দুজন ব্যক্তি গুৰুতৰভাৱে আহত হোৱাৰ লগতে ইয়াৰে এজনৰ ভৰিও ভাঙি যায় বুলি জানিব পৰা গৈছে ।

ক্ষুব্ধ লোকে থাৰ বাহনখন ভাঙি পেলায় :

থাৰ বাহনখনত থকা যাত্ৰীসকলে পাৰ্টি কৰি আছিল ৷ তেনেতে নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয় বাহনখন ৷ ইফালে স্থানীয় ৰাইজে দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ পৰা মাদক দ্ৰব্যৰ বটলো উদ্ধাৰ কৰিছে ৷ তাৰ পাচতে ক্ষোভিত স্থানীয় ৰাইজে বাহনখন ভাঙি লণ্ডভণ্ড কৰে ।

আনহাতে এই ঘটনাৰ খবৰ লাভ কৰি উক্ত স্থানত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত আৰু সেই আৰক্ষীৰ হাততে স্থানীয় ৰাইজে থাৰ বাহনখনৰ চালকজনক গটাই দিয়ে ৷ জানিব পৰা মতে, বৰ্তমান আৰক্ষীয়ে সমগ্ৰ বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে ।

দুই মটৰ চাইকেল আৰোহীসহ আহত আন এজন ব্যক্তি :

এই সন্দৰ্ভত স্থানীয় ৰাইজে জনোৱা মতে, থাৰ বাহনখনৰ গতিবেগ বেছি আছিল ৷ যাৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই 2 খন মটৰ চাইকেলত থাৰ বাহনখনে খুন্দা মাৰে । ফলত মটৰ চাইকেল আৰোহীকেইজন আহত হয় ৷ স্থানীয় লোকৰ তৎপৰতাত আহত আটাইকেইজনকে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷

আৰক্ষীৰ তদন্ত আৰম্ভ :

ঘটনাস্থলীত আৰক্ষীয়ে নিজৰ জিম্মাত লৈছে দুৰ্ঘটনা সংঘটিত কৰা থাৰ বাহনখন ৷ বাহনখনৰ পৰা মাদক দ্ৰব্যৰ বটলো উদ্ধাৰ কৰা হৈছে ৷ অৱশ্যে থাৰৰ চালকজনে মদ্যপান কৰিছিল নে নাই সেয়া চিকিৎসাৰ প্ৰতিবেদনতহে পোহৰলৈ আহিব ৷ সম্প্ৰতি আৰক্ষীয়ে বিষয়টোৰ তদন্ত কৰিছে ৷ লগতে থাৰ চালকজনক নিজৰ জিম্মাত ৰাকিছে ৷

লগতে পঢ়ক :Geetanagar daughter fraud case : জী-জোঁৱাইৰ লুণ্ঠনৰ আখ্যান; লাখ লাখ টকা লৈ অন্তৰ্ধান অংগীৰা

ABOUT THE AUTHOR

...view details