অসম

assam

ETV Bharat / bharat

উৎকোচ লৈ থকা সময়তে হাতে-লোটে কৰায়ত্ত স্বাস্থ্য বিষয়া - দুৰ্নীতি বিৰোধী সংস্থা

৫ লাখ টকা উৎকোচ লৈ ৰঙাঘৰৰ আলহী হ'ল মহাৰাষ্ট্ৰৰ থানেৰ এগৰাকী স্বাস্থ্য বিষয়া । ক'ভিড-১৯ত আক্ৰান্ত ৰোগীৰ বাবে যোগান ধৰা ভেণ্টিলেটৰৰ নিবিদা প্ৰদানৰ নামত উৎকোচ লোৱাৰ অভিযোগ উত্থাপিত হৈছে থানে পৌৰ নিগমৰ স্বাস্থ্য বিষয়া ৰাজু মুৰুদকাৰৰ বিৰুদ্ধে । বৃহস্পতিবাৰে সন্ধিয়া দুৰ্নীতি বিৰোধী সংস্থাই গ্ৰেপ্তাৰ কৰে স্বাস্থ্য বিষয়াগৰাকীক ।

৫ লাখ টকা উৎকোচ লৈ ৰঙাঘৰৰ আলহী হ'ল থানেৰ এগৰাকী স্বাস্থ্য বিষয়া
৫ লাখ টকা উৎকোচ লৈ ৰঙাঘৰৰ আলহী হ'ল থানেৰ এগৰাকী স্বাস্থ্য বিষয়া

By

Published : Apr 9, 2021, 12:13 PM IST

নেশ্যনেল ডেস্ক, ৯ এপ্ৰিল: ক'ভিড-১৯ত আক্ৰান্ত ৰোগীৰ বাবে যোগান ধৰা ভেণ্টিলেটৰৰ নিবিদা প্ৰদানৰ নামত উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হ'ল মহাৰাষ্ট্ৰৰ থানেৰ এগৰাকী স্বাস্থ্য বিষয়া । থানে পৌৰ নিগমৰ স্বাস্থ্য বিষয়া ৰাজু মুৰুদকাৰে ৫ লাখ টকা উৎকোচ লোৱাৰ সময়তে দুৰ্নীতি বিৰোধী সংস্থাই হাতে-লোটে কৰায়ত্ত কৰে ।

দুৰ্নীতি বিৰোধী সংস্থাৰ বিষয়াই জনোৱা মতে, স্বাস্থ্য বিষয়াগৰাকীয়ে থানে পৌৰ নিগমৰ বাবে ৩০টা ভেণ্টিলেটৰ যোগানৰ বাবে নিবিদা মঞ্জুৰ কৰাৰ বাবদ এজন লোকৰ পৰা ১৫ লাখ টকা দাবী কৰিছিল ।

বৃহস্পতিবাৰে সন্ধিয়া মুৰুদকাৰে উক্ত লোকজনক নৱী মুম্বাইৰ আইৰোলীত তেওঁক ৫ লাখ টকা আগধন হিচাপে দিবলৈ কৈছিল । এই বিষয়ে লোকজনে দুৰ্নীতি বিৰোধী সংস্থাক অভিযোগ দাখিল কৰিছিল । অভিযোগৰ সত্যাসত্য নিৰূপণৰ পিছত সংস্থাটোৱে দুৰ্নীতিগ্ৰস্ত বিষয়াগৰাকীক কৰায়ত্ত কৰিবলৈ পৰিকল্পনা কৰিছিল আৰু বৃহস্পতিবাৰে সন্ধিয়া উৎকোচ লোৱাৰ সময়তে হাতে-লোটে কৰায়ত্ত কৰে ।

লগতে পঢ়ক:টিটিএএডিচিৰ নিৰ্বাচনৰ ফলাফলত নিৰাপত্তা কটকটীয়া কৰাৰ দাবী পীযুষ বিশ্বাসৰ

ABOUT THE AUTHOR

...view details