নেশ্যনেল ডেস্ক, ১৪ এপ্ৰিল: আজি ড৹ ভীমৰাও আম্বেদকাৰৰ ১৩০ তম জন্ম জয়ন্তী । আম্বেদকাৰৰ জন্ম জয়ন্তী উপলক্ষে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে আৰু মুম্বাইৰ মেয়ৰ কিশোৰী পাডনেকাৰে বুধবাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । বুধবাৰে পুৱাই ঠাকৰেসহ আন কেইবাজনো লোক মধ্য মুম্বাইত ভাৰতীয় সংবিধানৰ স্থাপত্যবিদৰ স্মাৰক চাইত্য ভূমি পৰিদৰ্শন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । উল্লেখ্য যে, বিগত বৰ্ষত লক ডাউন বাহাল থকাৰ বাবে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিব পৰা নাছিল । মন কৰিবলগীয়া যে, প্ৰতিবছৰে আম্বেদকাৰৰ জন্ম জয়ন্তী উপলক্ষে বহুলোক চাইত্য ভূমিলৈ আহি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
ইফালে, দেশজুৰি COVID-১৯ ৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি COVID 19 ৰ নীতি-নিয়মৰ মাজেদি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয় । দেশৰ ভিতৰত সৰ্বাধিক মহাৰাষ্ট্ৰতে COVID-১৯ ত যথেষ্ঠ সংখ্যক লোক আক্ৰান্ত হৈছে ।