অসম

assam

ETV Bharat / bharat

ক'ভিডৰ দ্বিতীয় ঢৌৰ বাবে পৰীক্ষা অতি গুৰুত্বপূৰ্ণ: মোডী

ক'ভিড-19 ৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ সমূহৰ মুখ্যমন্ত্ৰী সকলৰ সৈতে বৈঠকত মিলিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ ক'ভিড-19 ক প্ৰতিহত কৰাৰ বাবে টেষ্টিঙ, ট্ৰেকিঙ আৰু ৰোগীক চিকিৎসা কৰাৰ পুৰণি পদ্ধতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷

By

Published : Apr 8, 2021, 10:59 PM IST

Testing crucial for containing 2nd wave, PM tells states as they vie for vaccines
ক'ভিডৰ দ্বিতীয় ঢৌৰ বাবে পৰীক্ষা অতি গুৰুত্বপূৰ্ণ : মোডী

নেশ্যনেল ডেস্ক, 8 এপ্ৰিল:প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ক'ৰণা অতিমাৰীৰ সাম্প্ৰতিক স্থিতিৰ সন্দৰ্ভত দেশৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী সৈতে লগতে বৃহস্পতিবাৰে এক বৈঠকত মিলিত হয় ৷ উক্ত বৈঠকত মোডীয়ে কয় যে, ক'ৰণা অতিমাৰীৰ দ্বিতীয়টো ঢৌত অতি দ্ৰুত গতিত সংক্ৰমণ হোৱা পৰিলক্ষিত হৈছে ৷ ইয়াৰ ভিতৰত মহাৰাষ্ট্ৰ, ছট্টিশগড়, পঞ্জাৱ, মধ্য প্ৰদেশ, গুজৰাট আৰু দেশৰ অন্যান্য ৰাজ্যত সংক্ৰমণ অতি দ্ৰুত গতিত বৃদ্ধি পাইছে ৷ এইয়া সকলোৰে বাবে এক গভীৰ চিন্তনীয় বিষয় বুলিও প্ৰধানমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে ৷

এই অতিমাৰীক প্ৰতিহত কৰাৰ উদ্দেশ্য সকলোৱে যুদ্ধকালীন গতিৰে কাম কৰাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰাৰ লগতে প্ৰধানমন্ত্ৰী গৰাকীয়ে এই বুলিও কয় যে, এই অতিমাৰীৰ বিৰুদ্ধে যুঁজ দিয়াৰ উদ্দেশ্য সকলোৰে পূৰ্বৰ অভিজ্ঞতা থকাৰ লগতে পূৰ্বৰ তুলনাত এইবাৰ প্ৰতিষেধকৰ লগতে অন্যান্য সমলো দেশৰ হাতত উপলব্ধ ৷

ক'ভিড-19 ক প্ৰতিহত কৰাৰ বাবে টেষ্টিঙ, ট্ৰেকিঙ আৰু ৰোগীক চিকিৎসা কৰাৰ পুৰণি পদ্ধতিৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে, প্ৰতিষেধকৰ উপলব্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰোতে পৰীক্ষণৰ ওপৰত দিব লগীয়া গুৰুত্বৰ পৰা সকলোৱে ফালৰি কাটি গৈছে ৷

উল্লেখ্য যে, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি দেশত এটা দিনতেই নতুনকৈ 1,26,789 গৰাকী লোক আক্ৰান্ত হোৱাৰ পাছত দেশত মুঠ ক'ৰণা আক্ৰান্তৰ সংখ্যা 1,29,28,574 গৰাকীলৈ বৃদ্ধি পাইছে ৷

লগতে পঢ়ক:মিজোৰামত নতুনকৈ 14 গৰাকী ক'ভিড-19 ত আক্ৰান্ত

ABOUT THE AUTHOR

...view details