সমগ্ৰ দেশজুৰি হৈ থকা পেট্ৰ’লিয়ামজাত সামগ্ৰীৰ সঘন মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক ত্ৰাহি মধুসূদন দেখুৱাইছে ৷ চলিত বৰ্ষত সৰ্বমুঠ ২৪ বাৰৰ বাবে পেট্ৰ’ল আৰু ডিজেলৰ মূল্যবৃদ্ধি হৈছে ৷ অভূতপূৰ্বভাৱে মঙলবাৰৰ আগলৈকে পেট্ৰ’ল-ডিজেলৰ মূল্য একেৰাহে ১২ দিনৰ কাৰণে বৃদ্ধি পাইছে ৷ ক’ভিড-১৯ মহামাৰীয়ে মষিমূৰ কৰি থৈ যোৱা অৰ্থনৈতিক পৃষ্ঠভূমিত পেট্ৰ’লিয়ামজাত ইন্ধনৰ এনে মূল্যবৃদ্ধিয়ে জন সাধাৰণৰ অৱস্থা আৰু অধিক কাহিল কৰি পেলাইছে ৷ এই মূল্যবৃদ্ধিয়ে আৰ্থ-সামাজিক সংকটক আৰু অধিক জটিল কৰিছে ৷ মূল্য হ্ৰাস কৰাৰ বাদে আন কোনো কথাৰেই সাধাৰণ জনতাক ক্ষান্ত কৰিব পৰা নাযাব বুলি মন্তব্য কৰি কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে, তেওঁ ধৰ্ম সংকটত পৰিছে ৷ যিহেতু পেট্ৰ’লিয়ামজাত সামগ্ৰী সমূহৰ মূ্ল্য আন্তঃৰাষ্ট্ৰীয় বজাৰৰ সৈতে সংলগ্ন হৈ থাকে, সেয়ে তেনে সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণ কৰা বিষয়টো তেওঁৰ আওতাৰ ভিতৰত নাথাকে ৷ লগতে তেওঁ কয় যে, যুক্তিসংগত মূল্য নিৰ্ধাৰণ কৰিবলৈ ৰাজ্য আৰু কেন্দ্ৰই নিজৰ মাজত আলোচনা কৰা উচিত ৷ ২০১৭ চনত কেন্দ্ৰই পেট্ৰ’লৰ মূল্য দৈনিকভাৱে বৃদ্ধি কৰাৰ বাবে সেউজ সংকেত প্ৰদান কৰিছিল ৷ যি নহওঁক, ই আন্তৰাষ্ট্ৰীয় বজাৰত ঘটি থকা মূল্যৰ উত্থান-পতনৰ বিষয়ে অৰ্ধসত্যহে অৱগত কৰে ৷ বিগত বছৰত মহামাৰীৰ প্ৰভাৱৰ ফলত চাহিদা কমি যোৱাৰ বাবে খনিজ তেলৰ মূল্য হঠাতে হ্ৰাস পাইছিল ৷ কিন্তু পেট্ৰ’লৰ ঘৰুৱা মূল্য হ্ৰাস পোৱাৰ পৰিৱৰ্তে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে আৰু অধিক আবকাৰী শুল্ক জাপি দিয়াৰ ফলত ই বৃদ্ধিহে হয় ৷
ক’ভিড-১৯ ৰ পূৰ্বে পেট্ৰ’লত কেন্দ্ৰীয় আবকাৰী শুল্ক আছিল ১৯.৯৮ টকা ৷ কিন্তু কৰ’ণা চলি থকাৰ কালচোৱাত এই মূল্য ৩২.৯৮ টকালৈ বৃদ্ধি কৰা হয় ৷ ঠিক একেদৰেই ডিজেলতো ১৫.৮৩ টকাৰ পৰা ৩১.৩৮ টকালৈ আবকাৰী শুল্ক বৃদ্ধি কৰা হয় ৷ শুল্ক জাপি দিয়াৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰো পিছ পৰি থকা নাই ৷ দেশখনে নিজৰ আৱশ্যকীয়তাখিনি পূৰণ কৰিবৰ বাবে ৮৯ শতাংশ আমদানিকৃত খনিজ তেলৰ ওপৰত নিৰ্ভৰ কৰিব লগা হোৱা বিষয়টোক বিবেচনা কৰিয়েই দেশৰ জনগণে কিছু ত্যাগ কৰিবলৈ সাজু আছে ৷ ঠিক একেদৰেই এলপিজিৰ চাহিদা পূৰণ কৰিবলৈও দেশখনে ৫৩ শতাংশ প্ৰাকৃতিক গেছ আমদানি কৰিবলগীয়া হয় ৷ জন সাধাৰণে এই সত্যটো বুজে ৷ কিন্তু চলিত অৰ্থনৈতিক সংকটৰ সময়ত তেওঁলোকক প্ৰতাৰণা কৰা হৈছে বুলি খুঁত বিচাৰি পাইছে ৷
এজন সন্মানীয় সাংসদে সঠিক কথাই কৈছিল যে মাতৃ সীতাৰ জন্মস্থান নেপাল আৰু ৰাৱণৰ দেশ শ্ৰীলংকাৰ তুলনাতকৈ ৰামৰ দেশ ভাৰতবৰ্ষত পেট্ৰ’লৰ মূল্য অধিক ৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, যিহেতু পেট্ৰ’লৰ মূল্য দেশ ভেদে নিৰ্দিষ্ট চৰকাৰসমূহে জনগণক ৰেহাই দিয়া তথা নিৰ্দিষ্ট শুল্ক ধাৰ্য কৰা আদি কাৰকবোৰৰ ওপৰত নিৰ্ভৰ কৰে, গতিকে দেশবোৰৰ মাজত পেট্ৰ’লৰ মূল্যৰ পাৰ্থক্য থকাটো স্বাভাৱিক কথা ৷ মন্ত্ৰীগৰাকীয়ে যিয়েই নকওঁক কিয়, পেট্ৰ’লৰ মূল্যই ১০০ টকা স্পৰ্শ কৰা ঘটনাটো এটা অভূতপূৰ্ৱ ঘটনাৰূপে পৰিগণিত হৈছে ৷