অসম

assam

ETV Bharat / bharat

কাশ্মীৰত সন্ত্ৰাসবাদীৰ গুলীত প্ৰাণ গ'ল আৰক্ষী বিষয়া আৰু তেওঁৰ পৰিয়ালৰ

কাশ্মীৰত আৰক্ষীয়া বিষয়াক আক্ৰমণৰ লক্ষ্য কৰি লৈছে সন্ত্ৰাসবাদীয়ে । দেওবাৰে সন্ত্ৰাসবাদীৰ গুলীত প্ৰাণ হেৰুৱালে এগৰাকী আৰক্ষী বিষয়াই । সন্ত্ৰাসবাদীয়ে আৰক্ষী বিষয়াগৰাকীৰ পত্নী আৰু কন্যালৈ লক্ষ্য কৰিও নিৰ্বিচাৰ গুলীচালনা কৰে ।

Terrorists shot dead a special police officer, his family members in Kashmir
কাশ্মীৰত সন্ত্ৰাসবাদীৰ গুলীত প্ৰাণ গ'ল আৰক্ষী বিষয়া আৰু তেওঁৰ পৰিয়ালৰ

By

Published : Jun 28, 2021, 10:16 AM IST

নেশ্যনেল ডেস্ক, ২৮ জুন: জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী আৰু আৰক্ষীৰ সংঘৰ্ষৰ ভয়াৱহ পৰিণতি । পৰিয়ালসহ এগৰাকী আৰক্ষী বিষয়াই প্ৰাণ হেৰুৱালে সন্ত্ৰাসবাদীৰ গুলীত । দেওবাৰে নিশা এই ঘটনা সংঘটিত হয় । পুলৱামা জিলাত বিশেষ আৰক্ষী বিষয়া ফয়াজ আহমেদক আক্ৰমণৰ লক্ষ্য কৰি লয় সন্ত্ৰাসবাদীয়ে । কাশ্মীৰ আৰক্ষীয়ে টুইটযোগে এই কথা নিশ্চিত কৰিছে ।

দেওবাৰে নিশা প্ৰায় ১১.১৫ বজাত সন্ত্ৰাসবাদীয়ে আৰক্ষী বিষয়াজনৰ পুলৱামাৰ হৰিপাৰিগাম অৱন্তীপোৰাস্থিত বাসগৃহত প্ৰৱেশ কৰে । সন্ত্ৰাসবাদীয়ে আৰক্ষী বিষয়াজন, তেওঁৰ পত্নী ৰাজা বানো আৰু কন্যাৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা কৰে । ফয়াজ আহমেদ থিতাতে নিহত হয় । সংকটজনক অৱস্থাত তেওঁৰ পত্নীক চিকিৎসালয়লৈ নিয়া হয় যদিও তেওঁৰ মৃত্যু হয় ।

আনহাতে, গুৰুতৰভাৱে আহত ফয়াজ আহমেদৰ কন্যাৰো সোমবাৰে পুৱা মৃত্যু হয় । সম্প্ৰতি জম্মু আৰু কাশ্মীৰ আৰক্ষীয়ে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে । ইয়াৰ পূৰ্বেও সন্ত্ৰাসবাদীয়ে এগৰাকী নিৰস্ত্ৰ আৰক্ষী বিষয়াক নামাজ পঢ়িবলৈ যোৱাৰ সময়তে গুলীয়াই হত্যা কৰিছিল ।

বিগত দিনবোৰত জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী আৰু নিৰাপত্তা বাহিনীৰ মাজত সংঘৰ্ষ ক্ৰমান্বয়ে বৃদ্ধি পাইছে । সন্ত্ৰাসবাদী আত্মগোপন কৰি থকা স্থানত আৰক্ষী আৰু সেনাই যুটীয়া অভিযান চলাই আহিছে । এই অভিযান কালত বহু সন্ত্ৰাসবাদী অভিযানকাৰীৰ দলৰ গুলীত ধৰাশায়ী হৈছে ।

আনহাতে, কাশ্মীৰৰ বিভিন্ন স্থানত অভিযান চলাই আৰক্ষীয়ে বিস্ফোৰক সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে । এই আপত্তিজনক সামগ্ৰী ঘৰত মজুত ৰখাৰ অভিযোগত কেইবাজনো লোকক আটক কৰিছে আৰক্ষীয়ে । মুঠতে সন্ত্ৰাসবাদৰ ভেঁটি নিৰ্মূল কৰাৰ উদ্দেশ্যে কাশ্মীৰত অভিযান অব্যাহত আছে ।

লগতে পঢ়ক:ত্ৰিপুৰা আৰক্ষী আৰু চৰকাৰৰ বিৰুদ্ধে সৰৱ মানিক সৰকাৰ

ABOUT THE AUTHOR

...view details