অসম

assam

ETV Bharat / bharat

এয়াৰ ইণ্ডিয়াৰ বিমান অপহৰণকাৰী দুধৰ্ষ সন্ত্ৰাসবাদীক গুলীয়াই হত্যা - বিমান অপহৰণ

1999 চনত কাঠমাণ্ডুৰ পৰা দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ IC-814 প্লেনখন অপহৰণ কৰা পাঁচ সন্ত্ৰাসবাদীৰ অন্যতম আছিল মিস্ত্ৰী ঝাহুৰ ইব্ৰাহিম (Air India plane hijacked)৷ সেই ইব্ৰাহিমক কৰাচীৰ আখতাৰ কলনীত অচিনাক্ত বন্দুকধাৰীয়ে শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰাৰ তথ্য পোৱা গৈছে ৷

Terrorist who hijacked Air India flight in 1999 killed in Pakistan
Terrorist who hijacked Air India flight in 1999 killed in Pakistan

By

Published : Mar 9, 2022, 7:20 PM IST

নিউজ ডেস্ক, 9 মাৰ্চ : দুধৰ্ষ জয়চ-ই-মহম্মদ সন্ত্ৰাসবাদী মিস্ত্ৰী ঝাহুৰ ইব্ৰাহিমক গুলিয়াই হত্যা (JEM militant killed in Pakistan) কৰাৰ এক খবৰ পোৱা গৈছে ৷ কৰাচীৰ আখতাৰ কলনীত অচিনাক্ত বন্দুকধাৰীয়ে শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰে ইব্ৰাহিমক ৷ 1999 চনত কাঠমাণ্ডুৰ পৰা দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ IC-814 প্লেনখন অপহৰণ কৰা পাঁচ সন্ত্ৰাসবাদীৰ অন্যতম আছিল ইব্ৰাহিম (Air India plane hijacked)৷ তথ্য অনুসৰি যোৱা 1 মাৰ্চত হত্যা কৰা হয় ইব্ৰাহিমক ৷ মূৰত দুটাকৈ গুলীৰ আঘাতৰ চিন পোৱা গৈছে ৷

তথ্য অনুসৰি, জয়চ-ই-মহম্মদৰ সন্ত্ৰাসবাদীজনে ছদ্মনামেৰে কৰাচীত বহু বছৰ ধৰি বাস কৰি আছিল ৷ অভিযোগ অনুসৰি আই এছ আয়ে নিৰাপত্তা দিছিল ইব্ৰাহিমক ৷ এয়াৰ ইণ্ডিয়াৰ IC-814 প্লেনখনে A3000 en আকাশ মাৰ্গেৰে কাঠমাণ্ডুৰ ত্ৰিভূৱন বিমান বন্দৰৰ পৰা দিল্লীৰ ইন্দিৰা গান্ধী বিমান বন্দৰলৈ যাত্ৰা কৰিছিল ৷ ভাৰতীয় সীমা প্ৰৱেশৰ পাচতেই বিমানখন অপৰহৰণ কৰিছিল উগ্ৰপন্থীয়ে ৷ ঘটনাটো সংঘটিত হৈছিল 1999 চনৰ 24 ডিচেম্বৰ শনিবাৰে ৷

এইটো জ্ঞাত যে, হৰকত-উল-মুজাহিদ্দিন নামৰ সংগঠনটোৰ বিৰুদ্ধেও বিমান অপহৰণৰ অভিযোগ উঠিছিল ৷ মুস্তাক আহমেদ ঝাৰগৰ, আহমেদ ওমৰ ছয়িদ শ্বেইখ আৰু মাচুদ আজাহাৰৰ মুক্তি বিচাৰি এই বিমানখন অপহৰণ কৰা হৈছিল ৷ এই সংকট সাত দিন ধৰি অব্যাহত আছিল আৰু অৱশেষত চৰকাৰে তিনিওটা সন্ত্ৰাসবাদীক মুকলি কৰি দিবলৈ মান্তি হোৱাতহে সমস্যাৰ সমাধান হৈছিল ৷

তেতিয়াৰে পৰা সন্ত্ৰাসবাদী সংগঠনটোৱে বহু কেইটা কূটাঘাট সংঘটিত কৰিছে ৷ উদাহৰণ স্বৰূপে মুম্বাই আক্ৰমণ (Mumbai terror attack)৷ সেই বিমানখনত 15 গৰাকী বিমানকৰ্মীসহ মুঠ 191 গৰাকী যাত্ৰী আছিল ৷ তাৰে এজনৰ ছুৰীকাঘাটত মৃত্যু হোৱাৰ বিপৰীতে বহু কেইজন যাত্ৰী আহত হৈছিল ৷

লগতে পঢ়ক :ত্ৰিপুৰাত নিষিদ্ধ সামগ্ৰীসহ তিনিজন আটক

ABOUT THE AUTHOR

...view details