নিউজ ডেস্ক: সন্ত্ৰাসবাদী ৱালিউল্লাহৰ বিৰুদ্ধে অৱশেষত আদালতে জাৰি কৰিছে মৃত্যুদণ্ডৰ ৰায় (Waliullah sentenced to death)। সোমবাৰে গাজিয়াবাদ আদালতে কৰে এই ৰায়দান ৷ বাৰাণসী বিস্ফোৰণ গোচৰৰ ৰায় হিচাবে ৱালিউল্লাহক বিহা হৈছে মৃত্যদণ্ড ৷
উল্লেখ্য যে, ২০০৬ চনৰ ৭ মাৰ্চত বাৰাণসীৰ সংকট মোচন মন্দিৰ আৰু সেনানিবাস ৰেল ষ্টেচনত সংঘটিত হৈছিল ধাৰাবাহিক বিস্ফোৰণ(Multiple blasts in Varanasi) ৷ উক্ত বিস্ফোৰণত ২০ জন লোক নিহত হোৱাৰ লগতে ১০০ ৰো অধিক লোক আহত হৈছিল ।