অসম

assam

ETV Bharat / bharat

Terrorist recruits in UP : উত্তৰ প্ৰদেশত সন্ত্ৰাসবাদী নিযুক্তিৰ ভয়ংকৰ তথ্য প্ৰকাশ, ধৃত সন্ত্ৰাসবাদীয়ে কৰিলে স্বীকাৰ - Al Qaeda in the Indian Subcontinent

অল-কায়দা ইন দ্য ইণ্ডিয়ান চাবকণ্টিনেন্ট আৰু বাংলাদেশ ভিত্তিক জামাত-উল-মুজাহিদীনে উত্তৰ প্ৰদেশত সন্ত্ৰাসবাদী নেটৱৰ্ক গঢ়ি তুলিছিল । বাংলাদেশীমূলৰ লোক আৰু উত্তৰ প্ৰদেশৰ অবৈধ নাগৰিকসকলক টাৰ্গেট কৰিছিল সন্ত্ৰাসবাদীয়ে । স্লিপাৰ চেল গঠন কৰি একাংশ লোকক সন্ত্ৰাসবাদৰ প্ৰশিক্ষণো প্ৰদান কৰিছিল ।

Terrorist recruits in UP
উত্তৰ প্ৰদেশত সন্ত্ৰাসবাদী নিযুক্তিৰ ভয়ংকৰ তথ্য প্ৰকাশ, ধৃত সন্ত্ৰাসবাদীয়ে কৰিলে স্বীকাৰ

By ETV Bharat Assamese Team

Published : Oct 19, 2023, 12:27 PM IST

নেশ্যনেল ডেস্ক,১৯ অক্টোবৰ : যোৱা বছৰ গ্ৰেপ্তাৰ হোৱা অল-কায়দা ইন দ্য ইণ্ডিয়ান চাবকণ্টিনেন্ট (AQIS)সন্ত্ৰাসবাদী মুফাকিৰ ওৰফে হামিদুল্লাহে ভয়ংকৰ তথ্য প্ৰকাশ কৰিছে । বাংলাদেশ ভিত্তিক জামাত-উল-মুজাহিদীনৰ সৈতে বিশ্বব্যাপী সন্ত্ৰাসবাদী সংগঠনৰ ঘনিষ্ঠ সম্পৰ্ক গঢ়ি উঠিছিল । হামিদুল্লাহে এই সম্পৰ্কৰ আধাৰত বাংলাদেশমূলৰ আৰু অবৈধভাৱে উত্তৰ প্ৰদেশত থকা লোকসকলক নিয়োগ কৰি উত্তৰ প্ৰদেশত সন্ত্ৰাসবাদী নেটৱৰ্ক গঢ়ি তুলিছিল ।

যোৱা বছৰ, এনআইএ আৰু মধ্যপ্ৰদেশ আৰক্ষীয়ে এক যুটীয়া অভিযানত হামিদুল্লাহক গ্ৰেপ্তাৰ কৰিছিল আৰু কলকাতাৰ পৰা লক্ষ্ণৌলৈ ৰিমাণ্ডত অনা হৈছিল । সূত্ৰৰ মতে জেৰাৰ সময়ত মুফাকিৰে স্বীকাৰ কৰিছে যে তেওঁ স্লিপাৰ চেল গঠন কৰিছিল আৰু ৰাজ্যখনৰ পশ্চিম অংশকে ধৰি উত্তৰ প্ৰদেশৰ প্ৰতিটো কোণত মুছলমান অধ্যুষিত অঞ্চলত সেইবোৰক সক্ৰিয় কৰিছিল । আৰক্ষী সূত্ৰৰ মতে স্লিপাৰ মডিউলৰ দায়িত্ব আৰু গজৱা-ই-হিন্দৰ কাৰ্য পৰিকল্পনা মুফাকিৰে নতুন নিযুক্তিপ্ৰাপ্তসকলক ব্যাখ্যা কৰিছিল ।

সন্ত্ৰাসবাদী মুফাকিৰে এই ভয়ংকৰ তথ্য প্ৰকাশ কৰাৰ পাছত নিৰাপত্তা সংস্থাবোৰে জানিব পাৰিছিল যে বাংলাদেশৰ পৰা অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা আৰু উত্তৰ প্ৰদেশত থকা লোকসকল মুফাকিৰৰ লক্ষ্য হৈ পৰিছিল । মুফাকিৰে লোকসকলক অস্ত্ৰ-শস্ত্ৰ তুলি লোৱাৰ বাবে মান্তি কৰাইছিল । সেই বাংলাদেশীসকলক সন্ত্ৰাসবাদী সংগঠন আল-কায়দা ইন দ্য ইণ্ডিয়ান চাবকণ্টিনেন্ট (একিউআইএছ) মডিউল আৰু জামাত উল মুজাহিদীন বাংলাদেশৰ স্লিপাৰ মডিউলৰ সদস্য হিচাপে নিয়োগ কৰা হৈছিল । বাংলাদেশীমূলৰ লোক আৰু উত্তৰ প্ৰদেশৰ বিভিন্ন অঞ্চলৰ অবৈধ বসতিস্থাপনকাৰীসকলক বিশেষকৈ দেওবন্দ আৰু চাহাৰনপুৰৰ পৰা সন্ত্ৰাসবাদীয়ে লক্ষ্য কৰি লৈছিল ।

যোৱা বছৰ উত্তৰ প্ৰদেশৰ এটিএছয়ে লুকমান, শ্বাহজাদ, কাৰি মুখতাৰ, মুদাছিৰ, কামিল, আলিনুৰ, নৱাজিশ আনছাৰী, মহম্মদ আলীম, আজহাৰুদ্দিন, আছ মহম্মদ আৰু হাৰিছক এই সন্দৰ্ভত গ্ৰেপ্তাৰ কৰিছিল । তেওঁলোক আটাইকেইজন মুফাকিৰ ওৰফে হামিদুল্লাহৰ সহযোগী আছিল আৰু উত্তৰ প্ৰদেশত একিউআইএছ আৰু জেএমবিৰ বাবে স্লিপাৰ মডিউল হিচাপে কাম কৰি আছিল । ইয়াৰ উপৰিও, স্লিপাৰ মডিউলৰ সদস্যসকলে সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰিবলৈ নিযুক্তিপ্ৰাপ্তসকলক প্ৰশিক্ষণ দিছিল ।

ইফালে উত্তৰ প্ৰদেশ এটিএছয়ে যোৱা কেইবছৰমানত গ্ৰেপ্তাৰ কৰা ২৫০ তকৈও অধিক বাংলাদেশী আৰু ৰোহিংগীয়া মুছলমানক জেৰা কৰিব । সংস্থাটোৱে জানিবলৈ চেষ্টা কৰিব যে গ্ৰেপ্তাৰ কৰা বাংলাদেশীসকলৰ কিমানগৰাকী মুফাকিৰ আৰু তেওঁৰ সহযোগীসকলৰ সৈতে সম্পৰ্কিত স্লিপাৰ মডিউলৰ সদস্য আছিল ।

লগতে পঢ়ক :Miscreants Terror : পুতলা পিষ্টল লৈ ৰাষ্ট্ৰীয় ঘাইপথত ধন সংগ্ৰহ কৰা দুৰ্বৃত্তক আটক আৰক্ষীৰ

ABOUT THE AUTHOR

...view details