তেজপুৰ,২২ মে' :মণিপুৰত হিংসাত্মক ঘটনাৰ প্ৰতিক্ৰিয়া অব্যাহত আছে (Manipur violence)। ইয়াৰ মাজতে শক্তি প্ৰতিষ্ঠানসমূহৰ নিৰাপত্তাৰ দায়িত্ব দেশৰ আঞ্চলিক সেনাক দিয়া হৈছে । প্ৰতিৰক্ষা মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল মহেন্দ্ৰ ৰাৱাটে জনোৱা মতে মণিপুৰৰ হিংসাত্মক ঘটনাৰ বাবে তেল বিপণন কোম্পানীৰ কৰ্মচাৰীসকলে নিৰাপত্তাজনিত কাৰণত প্ৰতিষ্ঠানসমূহত উপস্থিত হ'ব পৰা নাই ।
সেয়েহে কৰ্মচাৰী উপলব্ধ নোহোৱাৰ বাবে কিছুমান প্ৰতিষ্ঠান সম্পূৰ্ণ বন্ধ কৰা হৈছে আৰু কিছুমান সঠিকভাৱে কাৰ্যক্ষম হৈ থকা নাই । এনে পৰিস্থিতিত, ইম্ফল এভিয়েচন ফুৱেলিং ষ্টেচন, মালোম বাল্ক অইল ডিপো আৰু চেকমাই এলপিজি বটলিং প্ৰকল্প কাৰ্যকৰী কৰাৰ বাবে আঞ্চলিক সেনা বা টেৰিটৰিয়েল আৰ্মী মোতায়েন কৰা হৈছে (Territorial Army deployed in Manipur)।
বেটেলিয়নটোক অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান নিশ্চিত কৰিবলৈ কাৰ্যক্ষম নোহোৱা আৰু কৰ্মচাৰীৰ অভাৱ হৈ থকা তৈল প্ৰতিষ্ঠানসমূহ নিয়ন্ত্ৰণলৈ অনাৰ দায়িত্ব দিয়া হৈছে যাতে বিমানত ইন্ধন ভৰোৱাৰ কামবোৰো নিৰীক্ষণ কৰিব পাৰে । বেটেলিয়নটোক দায়িত্ব দিয়াৰ পাছতে ৪৮ ঘণ্টাৰ ভিতৰত দলটো ইম্ফলত উপস্থিত হয় । ইফালে ১২ ঘণ্টাৰ ভিতৰত মালোম ডিপোটো সম্পূৰ্ণৰূপে কাৰ্যক্ষম কৰাৰ চেষ্টা কৰা হৈছে ।