আগৰতলা,৭ জানুৱাৰী :ত্ৰিপুৰাত পুনৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব বঞ্চিত শিক্ষকসকলে । অহা ১৫ জানুৱাৰীৰ পৰা ১০,৩২৩ বৰ্খাস্ত শিক্ষকে আন্দোলনত বহিব (Terminated teacher will protest in Tripura)। বিগত প্ৰায় ২ বছৰ ধৰি বঞ্চিত শিক্ষকসকলে তেওঁলোকৰ সমস্যা সমাধানৰ দাবীত বিভিন্ন ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে যদিও আজিলৈ সমাধান নহ'ল তেওঁলোকৰ সমস্যা ।
সেয়ে অৱশেষত ১০,৩২৩ বৰ্খাস্ত শিক্ষকৰ যুটীয়া আন্দোলন সমিতিয়ে আন্দোলনৰ সিদ্ধান্ত লয় । যুটীয়া আন্দোলনৰ সমিতিৰ সদস্য দীপাংকৰ দেৱবৰ্মাই জনোৱা মতে বৃহস্পতিবাৰে সমিতিয়ে বিশেষ বৈঠকত মিলিত হৈছিল । ধলাই জিলাত অনুষ্ঠিত এই বৈঠকত ৰাজ্যৰ বিভিন্ন মণ্ডলৰ শিক্ষকসকলে অংশগ্ৰহণ কৰে ।