তিনিচুকীয়া, ১৮ নৱেম্বৰ:অৰুণাচলৰ খাৰছাঙৰ ইনজান বস্তিত শুকুৰবাৰে নিশা নিৰাপত্তাৰক্ষীৰ সৈতে উগ্ৰপন্থীৰ মাজত এক সংঘৰ্ষৰ সূত্ৰপাত হয় ৷ ১১নং আসাম ৰাইফলছ আৰু উগ্ৰপন্থীৰ মাজত সংঘটিত প্ৰচণ্ড গুলীয়াগুলীত এটা উগ্ৰপন্থী আহত হয় ৷ আহত উগ্ৰপন্থী সদস্যগৰাকীক ততাতৈয়াকৈ খাৰছাং চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷
আসাম ৰাইফলছ আৰু উগ্ৰপন্থীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী আৰু এই গুলীচালনাত এগৰাকী উগ্ৰপন্থী সদস্য আহত হোৱা বুলি খবৰ বিয়পি পৰাৰ পাচতেই নিশা খাৰছাং চিকিৎসালয়ত স্থানীয় ৰাইজ উপস্থিত হৈ এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে ৷ চিকিৎসালয়খনত সেই সময়ত উপস্থিত থকা নিৰাপত্তাৰক্ষীৰ জোৱানৰ লগত স্থানীয় ৰাইজৰ সৃষ্টি হয় তীব্ৰ বাক-বিতণ্ডাৰ ৷
স্থানীয় ৰাইজৰ দাবী, নিৰাপত্তাৰক্ষীয়ে স্থানীয় লোকক উগ্ৰপন্থী সজাই গুলীচালনা কৰিছে ৷ এগৰাকী স্থানীয় নিৰ্দোষী লোকক ভৰিত গুলীচালনা কৰিছে । এনেধৰণৰ নিৰ্দোষী লোকক উগ্ৰপন্থী সজাই গুলীচালনা কৰা কাৰ্যক কোনোপক্ষ্যেই সহ্য নকৰাৰ কথা ব্যক্ত কৰে ক্ষুব্ধ লোকে ৷ তেওঁলোকে লগতে এই সমগ্ৰ ঘটনাৰ উচিত তদন্ত কৰাৰ লগতে স্থানীয় যুৱকজনক মুকলি কৰি দিয়াৰ দাবীত স্থানীয় লোকে নিৰাপত্তাৰক্ষীয়ে বাক-বিতণ্ডত লিপ্ত হয় ৷