নেশ্যনেল ডেস্ক, ৩০ এপ্ৰিল: সমগ্ৰ দেশ কাল কৰ'ণাৰ গ্ৰাসত । কৰ'ণা ভাইৰাচৰ দ্বিতীয় ঢৌৰ সংক্ৰমণ দ্ৰতগতিত বৃদ্ধি পাবলৈ ধৰিছে । শুকুৰবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জনায় যে দেশৰ ১০ খন ৰাজ্যৰ ভিতৰত মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ আৰু দিল্লীত এদিনত নতুকৈ ৭৩.০৫ শতাংশ লোক আক্ৰান্ত হৈছে ।
মন্ত্ৰালয়ৰ তথ্য অনুসৰি, ভাৰতত যোৱা ২৪ ঘণ্টাত ৩,৮৬,৪৫২ জন লোক নতুনকৈ আক্ৰান্ত হৈছে । ফলত ১,৮৭,৬২,৯৭৬ জনলৈ বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্তৰ সংখ্যা । মহাৰাষ্ট্ৰত দৈনিক ৬৬,১৫৯, কেৰালাত ৩৮,৬০৭ আৰু উত্তৰ প্ৰদেশত ৩৫,১০৪ জন আক্ৰান্ত হৈছে । ইফালে, ২৪ ঘণ্টাত ১৯ লাখতকৈও অধিক লোকৰ (১৯,২০,১০৭) পৰীক্ষা কৰা হৈছিল । এই সংখ্যাৰে এদিনতে সৰ্বাধিক লোকৰ পৰীক্ষা কৰা হৈছিল । ভাৰতত এতিয়ালৈকে মুঠ ৩১,৭০,২২৮ ঘটনা সক্ৰিয় হৈ আছে । এদিনতে ৮৫,৪১৪ টা সক্ৰিয় ঘটনা পোহৰলৈ আহে । ফলত মুঠ সংক্ৰমণৰ হাৰ ১৬.৯০ শতাংশ হৈছে ।