প্ৰতি বছৰে আমি সুস্থ আৰু স্বাস্থ্যৱান হৈ থাকিবলৈ, ব্যায়াম আৰম্ভ কৰাৰ আৰু সঠিক আহাৰ গ্ৰহণৰ সংকল্প লওঁ । কিন্তু দুৰ্ভাগ্যবশতঃ এই সংকল্প ২-৩ সপ্তাহতকৈ বেছি সময় নাথাকে । অৱশ্যে এই বছৰ, নিৰাশ নহ'ব । নতুন বছৰটোক এক স্বাস্থ্যকৰ আৰম্ভণি দিয়াৰ ১০ টা উপায় তলত দিয়া হ'ল (Tips for better health) ।
অধিক পুষ্টিকৰ আহাৰ খাব :আপোনাৰ খাদ্য তালিকাত অধিক পুষ্টিকৰ খাদ্য যেনে-পাচলি, ফল, শস্য, মাহজাতীয় শস্য, বাদাম আৰু বিশুদ্ধ প্ৰ'টিন উৎস থকা খাদ্য সন্মিৱিষ্ট কৰক । লগতে পেকিং খাদ্য যেনে- ব্ৰেড, চীজ, পেকিং মাংস আৰু পূৰ্ব-নিৰ্মিত আহাৰ আদি কম পৰিমাণে ব্যৱহাৰ কৰক । ই আপোনাৰ এক স্বাস্থ্যকৰ বছৰ আৰম্ভণিৰ সহজ উপায় হিচাপে পৰিগণিত হ'ব ।
এক বহনক্ষম আহাৰ বাছনি কৰক :বিভিন্ন সময়ত বহনক্ষম আহাৰ গ্ৰহণ নকৰাৰ ফলত মানুহে বহুতো সমস্যাৰ সন্মুখীন হয় । ওজন বৃদ্ধি হোৱাৰ পৰা আৰম্ভ কৰি বহুলোকৰ ক্ষেত্ৰত মানসিক সমস্যাইও দেখা দিয়ে । দীৰ্ঘদিন ধৰি এক প্ৰকৃত ডায়েট পালন নকৰাৰ ফলত বহু অসুবিধাৰ সন্মুখীন হ'ব পাৰে । সোৱাদযুক্ত বহু খাদ্য কেতিয়াবা আপোনাৰ স্বাস্থ্যৰ বাবে অপকাৰীও হ'ব পাৰে । সেয়ে কেৱল সোৱাদৰ ওপৰত গুৰুত্ব নিদি আপোনাৰ দৈনন্দিন ৰুটিনৰ সৈতে খাপ খোৱা আহাৰ গ্ৰহণ কৰক । যিবোৰ খাদ্যই আপোনাক লাহে লাহে কিন্তু দীৰ্ঘম্যাদী লাভালাভ দিব পাৰে ।
অধিক ভিটামিন D গ্ৰহণ কৰক :ভিটামিন D যুক্ত আহাৰে কেৱল হাড় আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা উন্নত কৰাই নহয় ই দীৰ্ঘম্যাদী স্বাস্থ্য সমস্যা যেনে-হৃদৰোগ, ডায়েবেটিচ আৰু কিছুমান ৰোগৰ পৰা মুক্ত হোৱাত আপোনাক সহায় কৰে । আনকি চুলিৰ ক্ষেত্ৰতো ভিটামিন D যুক্ত আহাৰ উপকাৰী । সেয়ে, প্ৰতিদিনে কমেও ১৫-২০ মিনিটৰ বাবে শৰীৰত ৰ'দ লগোৱাৰ চেষ্টা কৰক অথবা প্ৰতিদিনে ভিটামিন D চাপ্লিমেণ্ট (vitamin D supplement) গ্ৰহণ কৰক (প্ৰতিদিনে ৪,০০০ আইইউতকৈ অধিক নহয়)।
আপোনাৰ দৈনন্দিন ৰুটিনত শৰীৰচৰ্চা অন্তৰ্ভুক্ত কৰক :আপুনি ব্যায়াম কৰে, খেল খেলি আছে বা কেৱল খোজ কাঢ়িবলৈ গৈ আছে সেয়া যথেষ্ট নহয় । আপোনাৰ শৰীৰত তেজৰ চলাচল আৰু আপোনাৰ শৰীৰৰ প্ৰতিটো অংশলৈ অক্সিজেন যোৱাটো গুৰুত্বপূৰ্ণ । আপোনাৰ দৈনন্দিন ৰুটিনত কিছু পৰিমাণৰ শৰীৰচৰ্চা অন্তৰ্ভুক্ত কৰাটো অতি প্ৰয়োজন ।
চাপ হ্ৰাস কৰক :হৃদৰোগ, মেদবহুলতা আৰু ডায়েবেটিচৰ পৰা আৰম্ভ কৰি বদহজম আৰু হতাশা আদি সকলো সমস্যাৰ বাবে বিভিন্ন প্ৰকাৰৰ চাপ হৈছে মুখ্য কাৰক । চাপ আভ্যন্তৰীণ আৰু বাহ্যিক দুয়োটা হ'ব পাৰে । সেয়ে যিকোনো চাপ দূৰ কৰাটো প্ৰধান লক্ষ্য হ'ব লাগে । অৱশ্যে, একাংশ লোকৰ বাবে এয়া অসম্ভৱ । সেয়ে ধ্যান, যোগ, ব্যায়াম আদিৰ দৰে অভ্যাস গঢ়ি তোলাৰ লগতে নিজৰ সৈতে কিছু সময় কটোৱাৰ দ্বাৰা আপুনি বিভিন্ন ধৰণৰ চাপ হ্ৰাস কৰিব পাৰে ।
ৰাতিপুৱাৰ ৰুটিন প্ৰস্তুত কৰক :নিজৰ সু-স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি পুৱাৰ ৰুটিন প্ৰস্তুত কৰিব পাৰে । পুৱাৰ ৰুটিন অনুসৰণ কৰিলে আপুনি বাকী পৃথিৱীৰ মুখামুখি হোৱাৰ পূৰ্বে আপুনি নিজকে প্ৰস্তুত কৰি দিনটো আৰম্ভ কৰিব পাৰে । ইয়াৰ দ্বাৰা আপুনি দিনটোৰ বাবে নিজকে সাজু কৰি তুলিব পাৰে ।