নেশ্যনেল ডেস্ক,১৯ মে' :১৯৮২ চনত ৰাম-জানকী মন্দিৰ আৰু কিছুমান সম্পত্তি বিক্ৰী কৰিছিল এজন পাকিস্তানৰ নাগৰিকে (Pakistani national sold off Ram Janaki temple)। পৰৱৰ্তী সময়ত সেই স্থানত ১৮ টাকৈ হিন্দু পৰিয়ালক উচ্ছেদ কৰি হোটেল নিৰ্মাণ কৰা হৈছিল । এই চাঞ্চল্যকৰ তথ্য লাভ কৰিছে উত্তৰ প্ৰদেশৰ কানপুৰ জিলা প্ৰশাসনে । লগে লগে সেই সম্পত্তিৰ গৰাকীক জাননী জাৰি কৰিছে প্ৰশাসনে । জানিব পৰা মতে শত্ৰু সম্পত্তি ৰক্ষকৰ কাৰ্যালয়ে এই সম্পত্তিবোৰক শত্ৰু সম্পত্তি হিচাপে তালিকাভুক্ত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।
উল্লেখ্য যে, বিগত বছৰত এই বিষয়ক লৈ শত্ৰু সম্পত্তি সংৰক্ষণ সংঘৰ্ষ সমিতিয়ে এক অভিযোগ উত্থাপন কৰিছিল (Shatru Sampati Sanrakshan Sangarsh Samiti filed a complaint)। অভিযোগৰ তদন্তৰ পাছতে এই কথা পোহৰলৈ আহিছে । জানিব পৰা মতে বেকনগঞ্জৰ উক্ত সম্পত্তিখিনি ১৯৮২ চনত পাকিস্তানৰ নাগৰিক আবিদ ৰেহমানে মন্দিৰ চৌহদত থকা চাইকেল মেৰামতি কৰা দোকানী মুখতাৰ বাবাক বিক্ৰী কৰিছিল (Temple sold off by Pak national in UP)।