নেশ্যনেল ডেস্ক,১২ মাৰ্চ:হায়দৰাবাদৰ সমীপৰ নাৰায়ণপুৰ গাঁৱৰ এটা ফাৰ্ম হাউছত তেলেংগানা আৰক্ষীৰ অভিযান । বৃহস্পতিবাৰে নিশা ফাৰ্ম হাউছত চলি থকা এক ৰেভ পাৰ্টিৰ সময়তে আৰক্ষীয়ে অভিযান চলায় । অভিযানৰ সময়ত পাৰ্টিত উপস্থিত থকা মহিলা, ছফটৱেৰ কৰ্মচাৰী, শিক্ষাৰ্থী আৰু উদ্যোক্তাৰ ভিতৰত ৯০ গৰাকী লোকক আটক কৰে আৰক্ষীয়ে । গোপন সূত্ৰৰ খবৰৰ ভিত্তিত আৰক্ষীয়ে গান্ধীনগৰ তাণ্ডাত থকা ফাৰ্মহাউছৰ পৰা গিৰিশ ধদুৱাই, জাক্কিদি শ্ৰীকাৰ ৰেড্ডী, চলেটি শ্বৰথ চন্দ্ৰ আৰু শ্বাইক উমাৰ ফাৰুক নামৰ লোককেইজনক আটক কৰে ।
আৰক্ষীয়ে জনোৱা মতে সহজ ধন উপাৰ্জনৰ উদ্দেশ্যে ফাৰ্মহাউছৰ মালিক শ্ৰীকাৰ ৰেড্ডীৰ পিতৃ আৰু আন এগৰাকী অভিযুক্ত জাক্কিদি ধনৱন্ত ৰেড্ডীৰ ওচৰলৈ গৈছিল । ফাৰ্মহাউছটো যিহেতু ভিতৰুৱা অঞ্চলত সেয়ে ৰেভ পাৰ্টিৰ বাবে ফাৰ্মহাউছটো সুৰক্ষিত হ'ব বুলি ভাবিছিল তেওঁলোকে ।