নেশ্যনেল ডেস্ক,28 মাৰ্চ:ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে কৰ’ণা মহামাৰীৰ গণ সংক্ৰমণ ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত শনিবাৰে তেলেংগানা চৰকাৰে গ্ৰহণ কৰিছে এক বিশেষ সিদ্ধান্ত ৷ পৰৱৰ্তী 30 এপ্ৰিললৈকে বন্ধ হৈ থাকিব ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠান, উদ্যান আদিৰ লগতে ৰাজহুৱা সভা সমিতি, শোভাযাত্ৰা আদি ৷ লগতে ৰাজহুৱা সভা-সমিতিয়ে বা ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিছে তেলেংগানা চৰকাৰে ৷
তেলেংগানাৰ মুখ্য সচিব চমশ কুমাৰে জাৰি কৰা এক তথ্য অনুসৰি, বিগত কিছুদিনৰ পৰা ক’ভিড-19 ৰ সংক্ৰমণ বৃদ্ধি পাইছে ৷ ক’ভিড-19 ৰ সংক্ৰমণ প্ৰতিহত কৰিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি প্ৰকাশ কৰে তেলেংগানাৰ মুখ্য সচিব গৰাকীয়ে ৷ তেলেংগানা চৰকাৰৰ এই সিদ্ধান্ত উলংঘন কৰিলে দুৰ্যোগ ব্যৱস্থাপনা আইন, আইপিচি আৰু অন্যান্য আইনৰ অধীনত দোষী সাব্যস্ত কৰা হ’ব ৷