নিউজ ডেস্ক, ৮ এপ্ৰিল : তেলেংগানা বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (PM Modi Telengana visit) । শনিবাৰে কেইবাটাও প্ৰকল্পৰ শুভ উদ্বোধন তথা আধাৰশিলা স্থাপনৰ বাবে হায়দৰাবাদত উপস্থিত হয় মোডী (PM Modi reached Hyderabad) । তাত অনুষ্ঠানত অংশগ্ৰহণ কৰি তেলেংগানা চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে প্ৰধানমন্ত্ৰীয়ে (PM Modi Slammed Telangana government) । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে, যদি কেন্দ্ৰই উন্নয়নমূলক কাম হাতত লয় তাত তেলেংগানা ৰাজ্য চৰকাৰে আঘাত পায় । ছেকেন্দ্ৰাবাদ ৰে'ল ষ্টেচনৰ নৱীকৰণৰ কামৰ আধাৰশিলা স্থাপন কৰাৰ পিচত, মোডীয়ে ভাৰ্চুৱেল মিডিয়াৰ জৰিয়তে বহুতো উন্নয়নৰ প্ৰকল্প উদ্বোধন কৰে (Modi inaugurated developments works in Telengana) ।
এই উপলক্ষে ভাষণ প্ৰদান কৰি মোডীয়ে ৰাজ্য চৰকাৰক উন্নয়নমূলক কামত কেন্দ্ৰৰ সৈতে সহযোগিতা নকৰাৰ বাবে সমালোচনা কৰে । পাৰিবাৰিক নিয়ম আৰু দুৰ্নীতি বেলেগ কথা নহয় । কিছুমান বিষয় প্ৰগতিবিৰোধী হৈ পৰিছে । আমি মানুহৰ ধন দুৰ্নীতিগ্ৰস্ত লোকৰ ওচৰলৈ যোৱাটো প্ৰতিহত কৰিবলৈ পদক্ষেপ লৈছোঁ । মোডীয়ে এই মন্তব্য কৰি কয় যে, দুৰ্নীতিগ্ৰস্তসকলে সততাৰে কাম কৰাসকলক ভয় কৰে ।
ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোডীয়ে তেলেগু ৰাজ্যসমূহৰ মাজত আন এখন বন্দে ভাৰত এক্সপ্ৰেছ ৰে'ল মুকলি কৰে । শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ১০ নম্বৰ প্লেটফৰ্মত ছেকেন্দ্ৰাবাদ আৰু তিৰুপতিৰ মাজত চলিবলগীয়া অৰ্ধ-উচ্চ গতিৰ বন্দে ভাৰত এক্সপ্ৰেছৰ শুভাৰম্ভ কৰে । উদ্বোধনী অনুষ্ঠানত ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱ, ৰাজ্যপাল তামিলিচাই সৌন্দৰৰাজন আৰু মন্ত্ৰী থালাছানী শ্ৰীনিবাসযাদৱ উপস্থিত থাকে ।