নিউজ ডেস্ক, ২১ নৱেম্বৰ :তেলেংগানা বিধানসভা নিৰ্বাচন সমাগত । অহা ৩০ নৱেম্বৰত এটা পৰ্যায়ত তেলেগু ৰাজ্যখনৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব । ইতিমধ্যে বিধানসভা নিৰ্বাচনৰ বাবে শাসকীয় দল বিআৰএছ আৰু প্ৰধান বিৰোধী দল কংগ্ৰেছে ব্যাপক প্ৰচাৰ অভিযান চলাই আছে । এই ক্ষেত্ৰত বিজেপিও পিছপৰি থকা নাই । অৱশ্যে এতিয়ালৈকে প্ৰকাশিত নিৰ্বাচনী সমীক্ষাত ৰাজ্যখনৰ শাসনাধিষ্ঠিত দল বিআৰএছৰ স্থিতি সিমান এটা সুবিধাজনক নহয় । বিজেপিয়েও বিশেষ এটা প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাই ।
ইয়াৰ বিপৰীতে প্ৰধান বিৰোধী দল কংগ্ৰেছ কিছু সন্তোষজনক স্থিতিত থকা বুলি ৰাজনৈতিক বিশ্লেষকসকলে প্ৰকাশ কৰিছে । তাৰ মাজতে বিআৰএছ তথা বিজেপিৰ বহুকেইগৰাকী নেতা-কৰ্মীয়ে কংগ্ৰেছত যোগদান কৰাত দলটোৰ শক্তি বৃদ্ধি পাইছে । তাৰ মাজতে মঙলবাৰে তামিলনাডুৰ শাসকীয় দল দ্ৰাবিড় মুন্নেত্ৰা কাজাগমে (ডিএমকে) আগন্তুক তেলেংগানা বিধানসভা নিৰ্বাচনত কংগ্ৰেছক সমৰ্থন দিয়াৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে । ১১৯ খন আসনৰ তেলেংগানা বিধানসভা নিৰ্বাচনৰ ফলাফল আন চাৰিখন ৰাজ্যৰ সৈতে একেলগে অহা ৩ ডিচেম্বৰত প্ৰকাশ পাব ।