অসম

assam

By

Published : Dec 5, 2020, 2:19 PM IST

ETV Bharat / bharat

তেলেংগানা প্ৰদেশ কংগ্ৰেছৰ অধ্যক্ষ উত্তম কুমাৰ ৰেড্ডীৰ পদত্যাগ

গ্ৰেটাৰ হাইদৰাবাদ পৌৰ নিগমৰ নিৰ্বাচনত কংগ্ৰেছৰ শোচনীয় প্ৰদৰ্শনৰ পিছতে তেলেংগানা প্ৰদেশ কংগ্ৰেছ কমিটীৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰিলে উত্তম কুমাৰ ৰেড্ডীয়ে ।

তেলেংগানা প্ৰদেশ কংগ্ৰেছৰ অধ্যক্ষ উত্তম কুমাৰ ৰেড্ডীৰ পদত্যাগ
তেলেংগানা প্ৰদেশ কংগ্ৰেছৰ অধ্যক্ষ উত্তম কুমাৰ ৰেড্ডীৰ পদত্যাগ

নেশ্যনেল ডেস্ক, ৫ ডিচেম্বৰ: তেলেংগানা প্ৰদেশ কংগ্ৰেছ কমিটীৰ অধ্যক্ষ উত্তম কুমাৰ ৰেড্ডীয়ে শুকুৰবাৰে পদত্যাগ কৰে । গ্ৰেটাৰ হাইদৰাবাদ পৌৰ নিগমৰ নিৰ্বাচনত কংগ্ৰেছৰ পুতৌজনক প্ৰদৰ্শনৰ পিছতে পদত্যাগ কৰে ৰেড্ডীয়ে । নিৰ্বাচনত মাত্ৰ দুখন আসন লাভ কৰে দলটোৱে । শেহতীয়াকৈ ডুব্বাক উপ-নিৰ্বাচনতো কংগ্ৰেছৰ শোচনীয় পৰাজয় হৈছিল । এক বিবৃত্তিত ৰেড্ডীয়ে কয় যে, তেওঁ পদত্যাগ পত্ৰ দাখিল কৰিছে আৰু নিখিল ভাৰত কংগ্ৰেছ কমিটীক তৎকালীনভাৱে এগৰাকী নতুন অধ্যক্ষ নিয়োগ কৰিবলৈ অনুৰোধ জনাইছে ।

২০১৪ চনৰ পৰা দলত তেলেংগানা প্ৰদেশ কংগ্ৰেছ কমিটীৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছিল । তেওঁৰ কাৰ্যকালত কংগ্ৰেছে ২০১৪ আৰু ২০১৯ৰ নিৰ্বাচনত তেলেংগানাত পৰাজিত হৈছিল । সম্প্ৰতি গ্ৰেটাৰ হাইদৰাবাদ পৌৰ নিগমৰ নিৰ্বাচনতো মুখথেকেচা খোৱাত অধ্যক্ষৰ দায়িত্ব এৰাৰ সিদ্ধান্ত লৈছে উত্তম কুমাৰ ৰেড্ডীয়ে ।

লগতে পঢ়ক:আইজলত দক্ষতা বিকাশ কেন্দ্ৰৰ আধাৰশিলা স্থাপন উপ মুখ্যমন্ত্ৰী টাউনলুইয়াৰ

ABOUT THE AUTHOR

...view details