অসম

assam

By

Published : Jun 19, 2021, 10:49 PM IST

ETV Bharat / bharat

নিয়ন্ত্ৰণত ক’ভিড: উঠাই লোৱা হ’ল লক ডাউন

ভাৰতত বৰ্তমানলৈ 2,98,23,546 গৰাকী লোক ক’ৰণা (Covid 19)ত আক্ৰান্ত হোৱাৰ বিপৰীতে আৰোগ্য লাভ কৰিছে 2,86,78,390 গৰাকীয়ে ৷ ইয়াৰে 3,3,85,137 গৰাকীৰ ক’ৰণা (Covid 19) মৃত্যু হোৱাৰ বিপৰীতে সক্ৰিয় হৈ আছে 7,60,019 টা ঘটনা ৷

Telangana cabinet decides to lift lockdown completely
নিয়ন্ত্ৰণত ক’ভিড: উঠাই লোৱা হ’ল লক ডাউন

নেশ্যনেল ডেস্ক, 19 জুন :ক’ৰণা (Covid 19) সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান সমগ্ৰ দেশতে লক ডাউন ঘোষণা কৰা হৈছে ৷ লক ডাউনৰ (Lockdown) ফলত যাতে জনতাৰ অসুবিধা নহয় তথা দেশৰ অৰ্থনৈতিক ব্যৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি অধিকাংশ ৰাজ্যতেই আংশিক লক ডাউন (Lockdown)ৰ ঘোষণা কৰা হৈছে ৷ বৰ্তমান অধিকাংশ ৰাজ্যত ক’ৰণা (Covid 19) সংক্ৰমণ হ্ৰাস পাইছে যদিও মৃত্যু হোৱা লোকৰ সংখ্যা এতিয়াও বৃদ্ধি হৈ আছে ৷ কিন্তু এনে সময়তে লক ডাউন (Lockdown) সম্পূৰ্ণৰূপে উঠাই লোৱাৰ সিদ্ধান্ত লৈছে তেলেংগানা চৰকাৰে ৷

নিয়ন্ত্ৰণত ক’ভিড: উঠাই লোৱা হ’ল লক ডাউন

তেলেংগানা ৰাজ্যিক কেবিনেট (Telangana Cabinet Meeting)ৰ শনিবাৰে অনুষ্ঠিত এখন জৰুৰী বৈঠকত চিকিৎসা কৰ্তৃপক্ষৰ প্ৰতিবেদন পৰীক্ষা কৰাৰ পিছত কেবিনেটে এই সিদ্ধান্ত গ্ৰহণ কৰে ৷ এই প্ৰতিবেদনখনত তেলেংগানাত ক’ৰণা (Covid 19) ৰোগীৰ সংখ্যা যথেষ্ট হ্ৰাস হোৱা দেখুওৱাৰ লগতে ৰাজ্যখনত ক’ভিড 19 (Covid 19) সম্পূৰ্ণ নিয়ন্ত্ৰণলৈ অনা হৈছে বুলি উল্লেখ কৰা হৈছে । ইতিমধ্যে ৰাজ্যিক কেবিনেটে (Telangana Cabinet) চৰকাৰৰ সকলো শাখাৰ বিষয়াসকলক লক ডাউন (Lockdown)ৰ সময়ত আৰোপ কৰা সকলো ধৰণৰ নিয়মাৱলী সম্পূৰ্ণৰূপে উঠাই লোৱাৰ নিৰ্দেশ দিছে । কেবিনেটে শিক্ষা বিভাগ (Education Department)ক ৰাজ্যখনৰ সকলো শিক্ষানুষ্ঠানক 1 জুলাইৰ ভিতৰত সম্পূৰ্ণভাবে খুলিবলৈ তৎকালীনভাবে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে ।

উল্লেখ্য যে, তেলেংগানাত ক’ৰণা (Covid 19) সংক্ৰমণ ৰোধ কৰাৰ বাবে চৰকাৰ তথা প্ৰশাসনে গ্ৰাম্যাঞ্চলত তৎপৰতাৰে টীকাকৰণ কাৰ্যসূচী গ্ৰহণ কৰিছিল ৷ আনহাতে চৰকাৰে 9 জুনত ৰাজ্যখনত চলি থকা লক ডাউন (Lockdown) 10 জুনৰ পৰা পুনৰ 10 দিনৰ বাবে বৃদ্ধি কৰিছিল । অৱশ্যে লক ডাউন (Lockdown)ৰ সময়সীমা তেলেংগানা চৰকাৰে পূৰ্বৰ দিনৰ 1 বজাৰ পৰা পুৱা 6 বজাৰ পৰা পৰিবৰ্তে সন্ধিয়া 5 বজাৰ পৰা পুৱা 6 বজালৈ হ্ৰাস কৰিছিল ।

লগতে পঢ়ক :কুম্ভ মেলাত ক'ভিড পৰীক্ষা: তদন্ত কৰিব SITই

ABOUT THE AUTHOR

...view details