অসম

assam

ETV Bharat / bharat

Telangana Assembly Election : 6 মাহৰ পাচতে প্ৰকাশ পাব তেলেংগানা বিধানসভা নিৰ্বাচনৰ অধিসূচনা- কেটিআৰ - প্ৰাক্তন মুখ্যমন্ত্ৰী কিৰণ কুমাৰ ৰেড্ডী

"এক দেশ এক নিৰ্বাচন নীতি কাৰ্যকৰী হওক বা নহওক, আমি লাভান্বিত হম ৷ শেহতীয়াকৈ প্ৰাৰ্থী ঘোষণাৰ পিচতেই ইয়াৰ ইতিবাচক দিশ কেইবাটাও আছে ৷ বি আৰ এছে 90 খনতকৈ অধিক আসন লাভ কৰাৰ পিচত কেচিআৰেই নিশ্চিতভাৱে পুনৰ মুখ্যমন্ত্ৰী হ'ব ৷" কেটিআৰ

6 মাহৰ পাচতে প্ৰকাশ পাব তেলেংগানা বিধানসভা নিৰ্বাচনৰ অধিসূচনা- কেটিআৰ
6 মাহৰ পাচতে প্ৰকাশ পাব তেলেংগানা বিধানসভা নিৰ্বাচনৰ অধিসূচনা- কেটিআৰ

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 10:42 PM IST

নেশ্যনেল ডেস্ক, 12 ছেপ্টেম্বৰ : সমাগত তেলেংগানা বিধানসভা নিৰ্বাচন ৷ তেলেংগানাৰ মন্ত্ৰী কেটিআৰে মঙলবাৰে প্ৰকাশ কৰে যে, অক্টোবৰ মাহলৈ তেলেংগানা বিধানসভা নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ সম্ভাৱনা আছিল যদিও 6 মাহৰ পিচতহে অধিসূচনা জাৰি কৰাৰ সম্ভাৱনা আছে ৷ মঙলবাৰে প্ৰগতি ভৱনত সাংবাদিকৰ সৈতে এক মত বিনিময় অনুষ্ঠানত কথা পাতি এই কথা প্ৰকাশ কৰে ৷

তেওঁ কয় যে যদিহে এক দেশ এক নিৰ্বাচন নীতি কাৰ্যকৰী হয় তেনেহ’লে ছমাহৰ বাবে তেলেংগানাত বি আৰ এছ চৰকাৰ তত্বাৱধায়ক চৰকাৰ হিচাপে কাৰ্যক্ষম হ’ব ৷ যাৰ ফলত ৰাজ্যখনত অধিক উন্নয়ণ আৰু কল্যানসমূলক আঁচনি ৰূপায়ণ কৰাৰ সুযোগ লাভ কৰিব ৷

কেটিআৰে লগতে লগতে কয়, "এক দেশ এক নিৰ্বাচন নীতি কাৰ্যকৰী হওক বা নহওক, আমি লাভান্বিত হম ৷ শেহতীয়াকৈ প্ৰাৰ্থী ঘোষণাৰ পিচতেই ইয়াৰ ইতিবাচক দিশ কেইবাটাও আছে ৷ বি আৰ এছে 90 খনতকৈ অধিক আসন লাভ কৰাৰ পিচত কেচিআৰেই নিশ্চিতভাৱে পুনৰ মুখ্যমন্ত্ৰী হ'ব ৷ কংগ্ৰেছ দলে জনসাধাৰণৰ মাজত জনপ্ৰিয়তা হেৰুৱাইছে ৷ কংগ্ৰেছ দলৰ সভাপতি ৰেৱন্ত ৰেড্ডী বা আন নেতাসকলৰ ওপৰত ৰাইজৰ কোনো বিশ্বাস নাই ৷"

"ৰাষ্ট্ৰীয় দলসমূহ দিল্লীৰ দাস ৷ তেলেংগানাৰ লোকসকলক স্বাভিমানী, তেওঁলোকে দাসত্বৰ দলক গ্ৰহণ নকৰে ৷ ৰাজ্যখনৰ মানুহে সিদ্ধান্ত লোৱা উচিত যে তেওঁলোকে দিল্লীৰ দাস হোৱাতো বিচাৰে নে তেলেংগানা তেওঁলোকৰ সন্তান দৰেই হৈ থকাটো বিচাৰে ৷ তেলেংগানাৰ সকলো বিৰোধী যেনে প্ৰাক্তন মুখ্যমন্ত্ৰী কিৰণ কুমাৰ ৰেড্ডী আৰু ৱাইএছ শৰ্মিলা একত্ৰিত হৈছে ৷ আমি দহ বছৰে তেলেংগানাত কৰা উন্নয়ন বিৰোধীৰ হাতত তুলি দিয়াটো উচিতনে? এই কথা জনসাধাৰণে চিন্তা কৰাটো উচিত ৷" কেটিআৰে উল্লেখ কৰে ৷

কেটিআৰে লগতে কয় যে সাধাৰণ লোকে প্ৰকাশ কৰা প্ৰতিক্ৰিয়া অনুসৰি, এইখন ৰাজ্যত কেচিআৰৰ প্ৰয়োজন আছে ৷ দহ বছৰত চৰকাৰে প্ৰদান কৰা আঁচনি, কল্যাণমূলক কাম আৰু উন্নয়নমূলক কাৰ্যসূচীৰ বিষয়ে সাধাৰণ জনতাই আশ্চৰ্যজনকভাৱে ব্যাখ্যা কৰিছে ৷ জনসাধাৰণে তেওঁলোকৰ মতত স্পষ্ট ৷ বিৰোধী নিজেই বিভ্ৰান্ত ৷" কেটিআৰে অন্ধ্ৰ প্ৰদেশৰ উন্নয়নৰ সৈতে তেওঁলোকৰ কোনো সম্পৰ্ক নাই বুলি মন্তব্য কৰি কয় যে, এয়া তেওঁলোকৰ বাবে মুৰৰ বিষৰ দৰেহে ৷

লগতে পঢ়ক:Assam CM Air Expenses : এটা বছৰত মন্ত্ৰীমণ্ডলীসহ মুখ্যমন্ত্ৰীৰ আকাশী যাত্ৰাত ব্যয় ৩৪ কোটিৰো অধিক ! বিধানসভাত চৰকাৰৰ তথ্য

ABOUT THE AUTHOR

...view details