নেশ্যনেল ডেস্ক,১৯ অক্টোবৰ :অহা ৩০ নৱেম্বৰত তেলেংগানাত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন । তাৰ প্ৰাকক্ষণত কংগ্ৰেছ দলে প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে । বুধবাৰে ৰাজ্যখনত উপস্থিত হৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কেইবাখনো ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে । আজিৰ দিনটোত ৰাহুল গান্ধীৰ আছে দুখনকৈ ৰেলী । ভূপালপল্লীত এক ৰেলী সম্বোধন কৰি ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী, মুখ্যমন্ত্ৰী কে চি আৰ আৰু বিৰোধী নেতা ওৱাইচিক তীব্ৰ আক্ৰমণ কৰে । তেওঁ কয় যে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চি আৰ নিৰ্বাচনত পৰাজিত হ'বলৈ গৈ আছে । তাত যুঁজ ৰজা আৰু প্ৰজাৰ মাজত হ'ব । ৰাহুল গান্ধীৰ মতে তেলেংগানাৰ ৰাইজে জনতাৰ শাসন বিচাৰে যদিও তাত কেৱল এটা পাৰিবাৰিক শাসনহে বিৰাজ কৰি আছে ।
ৰেলী সম্বোধন কৰি গান্ধীয়ে কয় যে তেলেংগানাত দেশৰ সৰ্বোচ্চ স্তৰৰ দুৰ্নীতি হৈছে । তেওঁ কয় যে ভাৰতীয় জনতা পাৰ্টি, বিআৰএছ আৰু এআইএমআইএম সকলোৰে ইটোৰ সিটোৰ সৈতে মিত্ৰতা আছে । তেলেংগানাৰ মুখ্যমন্ত্ৰীক সমালোচনা কৰি ৰাহুলে প্ৰশ্ন কৰে তেওঁক চিবিআই বা ইডিয়ে কিয় লক্ষ্য কৰা নাই । তেওঁৰ মতে বৰ্তমান ইডিক লৈ ৰাজনীতি উত্তাল হৈ আছে ।