নেশ্যনেল ডেস্ক,২৩ নৱেম্বৰ :বিহাৰে বিশেষ ৰাজ্যৰ মৰ্যাদা বিচাৰি কেন্দ্ৰক অনুৰোধ প্ৰস্তাৱ দাখিল কৰিব । বুধবাৰে বিহাৰ কেবিনেটে এই গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে । বিহাৰ কেবিনেটে দুটাকৈ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গৃহীত কৰে । ইয়াৰে এটা প্ৰস্তাৱ হিচাপে কেন্দ্ৰক বিহাৰৰ বিশেষ শ্ৰেণীৰ মৰ্যাদাৰ বাবে অনুৰোধ আৰু আনটো হৈছে নৱম অনুসূচীত ৭৫ শতাংশ সংৰক্ষণৰ দাবী । ইতিমধ্যে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে এই প্ৰস্তাৱ সন্দৰ্ভত নিৰন্তৰ তেওঁৰ দাবী উত্থাপন কৰি আহিছে । একে সময়তে, উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱেও নীতিশ কুমাৰক সমৰ্থন জনাই আৰু কেন্দ্ৰক শীঘ্ৰেই এই দিশত সিদ্ধান্ত ল'বলৈ দাবী জনাইছে ।
তেজস্বী যাদৱে সংবাদমেল সম্বোধন কৰি কেবিনেটৰ সিদ্ধান্ত সম্পৰ্কে উল্লেখ কৰে । সংবাদমেলত তেওঁৰ সৈতে বিত্ত মন্ত্ৰী বিজয় চৌধুৰী আৰু মন্ত্ৰী বিজেন্দ্ৰ যাদৱো উপস্থিত থাকে । তেজস্বী যাদৱে কয় যে বিহাৰে সদায় দেশক দিশ দেখুৱাবলৈ কাম কৰি আহিছে । আৰম্ভণিৰে পৰা বিহাৰৰ দাবী আছিল যে সমগ্ৰ দেশতে এক জাতিগত লোকপিয়ল হ'ব লাগে । সকলো দলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিছিল, কিন্তু একো লাভ নহ'ল । সেয়েহে বিহাৰ চৰকাৰে সিদ্ধান্ত লৈছিল যে ৰাজ্য চৰকাৰে নিজেই জাতিগত লোকপিয়ল অনুষ্ঠিত কৰিব । ইয়াৰ বাবে তেওঁ মুখ্যমন্ত্ৰী নীতিশ কুমাৰকো ধন্যবাদ জ্ঞাপন কৰে ।
তেজস্বী যাদৱৰ মতে যোৱা বিধানসভা অধিৱেশনৰ সময়ত বিহাৰে গোটেই বিষয়টো সন্মুখত উত্থাপন কৰিছিল । তেওঁৰ মতে বিহাৰ হৈছে একমাত্ৰ ৰাজ্য য'ত জনসংখ্যাৰ বিষয়ে সম্পূৰ্ণ তথ্য আছে । কিন্তু আজিৰ তাৰিখত বৈজ্ঞানিক তথ্যৰ প্ৰয়োজন যাতে অন্তিম স্তৰত থকা লোকসকলক চিনাক্ত কৰিব পাৰি । তেওঁৰ মতে বিহাৰৰ মহাজোট চৰকাৰ দৰিদ্ৰসকলৰ চৰকাৰ ।