নেশ্যনেল ডেস্ক, ১৯ মে': দেশৰ সংকটৰ সময়ত মহানুভৱতাৰ পৰিচয় দাঙি ধৰিলে ৰাষ্ট্ৰীয় জনতা দলৰ (আৰজেডি) নেতা তেজস্বী যাদৱে । দেশত ক্ৰমাৎ বৃদ্ধি হোৱা ক'ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি তেওঁৰ চৰকাৰী বাসভৱনতো ক'ভিড কেয়াৰ কেন্দ্ৰলৈ ৰূপান্তৰিত কৰে ।
নেতাগৰাকীয়ে তেওঁৰ ব্যক্তিগত পুঁজিৰ পৰা পাটনাৰ ১ নং প'ল ৰোডত ক'ভিড কেয়াৰ কেন্দ্ৰ স্থাপন কৰে । এই কেন্দ্ৰটোত সকলো প্ৰয়োজনীয় চিকিৎসা সা-সঁজুলি, বিচনা, অক্সিজেন আৰু বিনামূলীয়া খাদ্যৰো ব্যৱস্থা আছে বুলি জনায় নেতাগৰাকীয়ে ।
সংবাদ মাধ্যমৰ জৰিয়তে তেওঁ সকলো নেতাকে তেওঁলোকৰ চৰকাৰী বাসভৱন ক'ভিড কেয়াৰ কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিবলৈ আহ্বান জনায় । কিয়নো দেশত যি মহামাৰী ক'ভিডৰ সংক্ৰমণ দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে তাৰফলত বহু লোকে চৰকাৰী চিকিৎসালয়ত বিচনা, অক্সিজেন আৰু অন্যান্য চিকিৎসাৰ সা-সুবিধা লাভ কৰিবলৈ সক্ষম হোৱা নাই ।