নেশ্যনেল ডেস্ক,২২ আগষ্ট: উত্তৰ প্ৰদেশৰ মিৰাটত সংঘটিত হৈছে এক লাজলগা কাণ্ড । এবছৰৰো অধিক সময় ধৰি এগৰাকী কিশোৰীৰ ওপৰত নিৰ্যাতন চলোৱাৰ অভিযোগ এগৰাকী শিক্ষকৰ বিৰুদ্ধে(Teacher accused of molesting teenage girl)। অতিষ্ঠ হৈ পৰিয়ালৰ লোকে দাখিল কৰিলে এজাহাৰ ।
অভিযোগ অনুসৰি, যোৱা এটা বছৰৰো অধিক সময় কিশোৰীগৰাকীক তেওঁৰ অধ্যয়নৰত বিদ্যালয়খনৰে এগৰাকী শিক্ষকে নিৰ্যাতন চলাই আহিছে (Teacher accused of molesting teenage girl for one-and-a-half years) । আৰক্ষীয়ে দিয়া তথ্য মতে, ১৬ বছৰীয়া কিশোৰীগৰাকীৰ মাতৃয়ে প্ৰায় ১.৫ বছৰে কিশোৰীগৰাকীক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰি দাখিল কৰিছে এখন এজাহাৰ । ইতিমধ্যে এই সন্দৰ্ভত থানাত এটা গোচৰ ৰুজু কৰা হৈছে ।