নিউজ ডেস্ক, 22 ফেব্ৰুৱাৰী :শনিবাৰে জবলপুৰ জিলা কাৰ্যালয়ৰ পৰা প্ৰায় 60 কিমি নিলগৰ বাঘৰাজী গাঁৱত সংঘটিত হৈছে এক ধৰ্ষণ কাণ্ড ৷ এই ধৰ্ষণ কাণ্ডৰ লগত এগৰাকী 16 বছৰীয়া কিশোৰ জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ৷
উল্লেখ্য যে, মধ্য প্ৰদেশৰ জবলপুৰ জিলাত পাঁচ বছৰীয়া এগৰাকী শিশুক ধৰ্ষণ কৰাৰ অপৰাধত আটক হৈছে এজন 16 বছৰীয়া কিশোৰ ৷ এই কথা সদৰী কৰিছে কুণ্ডম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰতাপ মাৰ্কলে ৷
ঘটনাৰ বিবৰণী অনুসৰি 16 বছৰীয়া কিশোৰ জনে প্ৰায় 2 মান বজাত শীলত পানীয় কিনিবলৈ দোকানলৈ গৈছিল ৷ সেই সময়তেই 5বছৰীয়া শিশু গৰাকীক ধৰ্ষণ কৰিছিল 16 বছৰীয়া কিশোৰ জনে ৷