অসম

assam

দ্বিতীয় শ্ৰেণীৰ ছাত্ৰক গৰম পানী ঢালি বৰ্বৰ অত্যাচাৰ শিক্ষকৰ

By

Published : Sep 9, 2022, 8:07 PM IST

এগৰাকী শিক্ষকে গৰম পানী ঢালিলে এজন দ্বিতীয় শ্ৰেণীত অধ্যয়নৰত ছাত্ৰৰ গাত (Teacher threw hot water)৷ যোৱা 2 ছেপ্টেম্বৰত জিলাখনৰ মাস্কি তালুকৰ সন্থেকাল্লু নামৰ ঠাইৰ শ্ৰীগানামথেশ্বৰা ছিনিয়ৰ প্ৰাথমিক বিদ্যালয়ত সংঘটিত হৈছিল এই ঘটনা ৷

Teacher threw hot water on 2nd class student in Karnataka
ছাত্ৰক গৰম পানী ঢালি বৰ্বৰ অত্যাচাৰ শিক্ষকৰ

নেশ্যনেল ডেস্ক, 9 ছেপ্টেম্বৰ: শিক্ষকৰ চৰম বৰ্বৰতা (Tense situation in Karnataka) ৷ এখন বিদ্যালয়ক উপাসনাস্থলীৰ স্থান দিয়া হয়, লগতে এগৰাকী শিক্ষকক জীৱনৰ আদিপাঠৰ প্ৰথমগৰাকী গুৰু বুলি কোৱা হয় ৷ কিন্তু যেতিয়া ৰক্ষকেই ভক্ষকৰ ৰূপ তেতিয়া কাক বিশ্বাস কৰিব অভিভাৱকে ৷ এইবাৰ বিদ্যালয়ৰ শিক্ষকৰ অমানৱীয় কাণ্ডৰ বলি হ’ল এগৰাকী দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ৷

এই ঘটনা সংঘটিত হৈছে কৰ্ণাটকৰ ৰাইচুৰ জিলাত ৷ এগৰাকী শিক্ষকে গৰম পানী ঢালিলে এজন দ্বিতীয় শ্ৰেণীত অধ্যয়নৰত ছাত্ৰৰ ওপৰত (Teacher threw hot water)৷ যোৱা 2 ছেপ্টেম্বৰত জিলাখনৰ মাস্কি তালুকৰ সন্থেকাল্লু নামৰ ঠাইৰ শ্ৰীগানামথেশ্বৰা ছিনিয়ৰ প্ৰাথমিক বিদ্যালয়ত সংঘটিত হৈছিল এই ঘটনা ৷

জানিব পৰামতে, শিক্ষক হুলিগেপ্পাই পাঠদান কৰি থকাৰ মাজতে ছাত্ৰজনে পেণ্টতে শৌচ কৰি দিছিল ৷ এই ঘটনা দেখি খঙত অগ্নিশৰ্মা হয় যায় শিক্ষকগৰাকী (Teacher threw hot water on 2nd class student)৷ ইয়াৰ পিছতে তেওঁ ছাত্ৰগৰাকীক শ্ৰেণীকোঠোৰ পৰা উলিয়াই লৈ যায় ৷ বাহিৰলৈ লৈ গৈ ছাত্ৰজনৰ শৰীৰত গৰম পানী ঢালি দিয়ে শিক্ষকজনে (Threw hot water on class 2 student)৷

লগে লগে ছাত্ৰজনে চিঞৰ বাখৰ কৰাত মনে মনে থাকিবলৈও ধমকি দিছিল শিক্ষকে ৷ অৱশেষত ছাত্ৰজনক হাস্পতালত ভৰ্তি কৰায় শিশুটোৰ পিতৃ-মাতৃয়ে ৷ উল্লেখ্য যে, এই ঘটনা সংঘটিত কৰিয়েই বিদ্যালয়লৈ কেইবাদিনো অহা নাই শিক্ষক হুলিগেপ্পা ৷

সম্প্ৰতি শিশুটিৰ চিকিৎসা অব্যাহত আছে ৷ শিশুটিৰ অভিভাৱকে জনোৱা অনুসৰি শিশুটিৰ শৰীৰৰ প্ৰায় 40 শতাংশ গৰম পানী পৰি জ্বলি যায় ৷ মন কৰিবলগীয়া যে এই ঘটনা সংঘটিত হোৱাৰ এসপ্তাহৰ পিছতো শিশুটিৰ অভিভাৱকে শিক্ষকজনৰ বিৰুদ্ধে কোনো ধৰণৰ গোচৰ ৰুজু কৰা নাই (No case registered yet)৷

একাংশ লোকে কোৱা অনুসৰি শিশুটিৰ অভিভাৱকক কোনো প্ৰভাৱশালী লোকে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু নকৰিবলৈ সকিয়নী দিছে ৷ শিশুটিৰ অভিভাৱকে এই বিষয়ত মন্তব্য প্ৰকাশৰ পৰা বিৰত আছে ৷

লগতে পঢ়ক:পোহৰলৈ আহিছে নগাঁও চিভিলৰ শিশু বিক্ৰীৰ ভয়ংকৰ তথ্য

ABOUT THE AUTHOR

...view details