নিউজ ডেস্ক, 19 আগষ্ট: ৰাজস্থানত এখন ব্যক্তিগত বিদ্যালয়ত শিক্ষকে এজন ছাত্ৰক টেবুলত মূৰ মাৰি দাঁত ভঙাৰ দিনাই উত্তৰ প্ৰদেশত 8 বছৰীয়া ছাত্ৰক জোতাৰে পিতিলে শিক্ষকে (Teacher beats 8 year old student) ৷ ঘটনাটো সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ আমেথিৰ মুছাফিৰখানা আৰক্ষী থানাৰ অধীনৰ চাকবাহেৰ গাঁৱত ৷ তৃতীয় শ্ৰেণীত অধ্যয়নৰত এজন ছাত্ৰক জোতাৰে প্ৰহাৰ কৰে অমিত যাদৱ নামৰ শিক্ষকজনে ৷
তথ্য অনুসৰি, বিদ্যালয়ৰ পৰা ওলাই যোৱাৰ সময়ত ছাত্ৰজনৰ সমনীয়াৰ সৈতে কাজিয়া লাগে ৷ এই কথাতে ক্ৰোধিত হৈ শিক্ষক অমিতে নিজৰ জোতা খুলি ছাত্ৰজনক প্ৰহাৰ কৰে ৷ ছাত্ৰজনৰ পিতৃ এই ঘটনাৰ উচিত ব্যৱস্থা গ্ৰহণ দাবী কৰি খণ্ড শিক্ষা বিষয়াক এক অভিযোগ দাখিল কৰিছে (Teacher beats 8 year old student with shoes) ৷
ছাত্ৰজনৰ পিতৃয়ে কয়, ‘‘মোৰ পুত্ৰই প্ৰাথমিক বিদ্যালয়খনত তৃতীয় শ্ৰেণীত অধ্যয়ন কৰে ৷ বিদ্যালয় ছুটীৰ সময়ত সি পিচলি পৰে আৰু এই কথাতে শিক্ষকজনে তাক জোতাৰে প্ৰহাৰ কৰে ৷ মই এই ঘটনাৰ এক উচিত ব্যৱস্থাৰ পোষকতা কৰিছোঁ’’ ৷
ইফালে ৰাজস্থানৰ ৰাজস্থানৰ উদয়পুৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ ছাত্ৰক প্ৰহাৰ কৰি আটক হ’ল শিক্ষক (Teacher detained for beating student) ৷ সামান্য কথাতে শিক্ষকে কৰা প্ৰহাৰত ভাঙি গ’ল ছাত্ৰজনৰ আগ দাঁত (Teacher breaks students teeth)৷ জালোৰত শিক্ষকৰ প্ৰহাৰত এজন দলিত সম্প্ৰদায়ৰ ছাত্ৰ গুৰুতৰভাৱে আহত হৈ পাচত মৃত্যু বৰণ কৰাৰ এদিনৰ পাচতেই উদয়পুৰত সংঘটিত হৈছে এই ঘটনা (Jalore Student Death Case) ৷ শিক্ষকে শ্ৰেণী কোঠাত আন এজন ছাত্ৰক সোধা এটা প্ৰশ্নৰ উত্তৰ আগতীয়াকৈ দিয়াৰ বাবেই এইদৰে ছাত্ৰজনক প্ৰহাৰ কৰা বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক:ছাত্ৰৰ দাঁত ভাঙি শিক্ষক আটক