নিউজ ডেস্ক, 8 এপ্ৰিল:তেলেংগানা বিধানসভাত শূন্য হ'ল তেলেগু দেশম পাৰ্টিৰ স্থিতি ৷ তেলেগু দেশম পাৰ্টিৰ বিধায়নী দল আৰু তেলেংগানা ৰাষ্ট্ৰ সমিতি বিধায়নীদলৰ একত্ৰিকৰণ কৰা পাচতে শূন্য হৈ পৰে টিডিপিৰ স্থিতি ৷
আইনসভাৰ সচিব ড৹ ভি নৰসিংহ চাৰিয়ুলুৱে সদৰি কৰা মতে, টিডিপিৰ দুজনকৈ বিধায়ক মেচা নাগেশ্বৰ ৰাও আৰু চেন্দ্ৰ ভেনকটা বীৰাইয়াই এই সন্দৰ্ভত তেলেংগানা বিধানসভাৰ অধ্যক্ষলৈ পত্ৰ প্ৰেৰণ কৰে ৷ সংবিধানৰ দশম অনুসূচীৰ অনুচ্ছেদ 4 ৰ অধীনত টিআৰএছএলপিৰ সৈতে একত্ৰিত হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে বিধায়ক দুজনে ৷
এই ভিত্তিতে ভাৰতৰ সংবিধানৰ দশম অনুসূচীৰ অনুচ্ছেদ নং 4 ৰ অধিনত তেলেংগানা দেশম বিধায়িনী দলৰ উক্ত দুই (2) সদস্যক তেলেংগানা ৰাষ্ট্ৰ সমিতি বিধায়িনী দলৰ সৈতে একত্ৰিত কৰা হয় ৷ সেই অনুসৰি তেলেংগানা বিধান সভাৰ সদনত তেলেংগানা ৰাষ্ট্ৰ সমিতি বিধায়িনী দলৰ সদস্যসকলৰ সৈতে টিডিপি দুই বিধায়কক আসন প্ৰদান কৰা হয় ৷