আগৰতলা,২৩ ফেব্ৰুৱাৰী :ত্ৰিপুৰাত অতি শীঘ্ৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব ত্ৰিপুৰা ডেম'ক্ৰেটিক ফ্ৰণ্ট (TDF) দলে (TDF party to hold protest in Tripura)। কংগ্ৰেছৰ বহু কেইগৰাকী প্ৰাক্তন নেতাৰে গঠিত দলটোৱে ৰাজ্যখনৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত আৰম্ভ কৰিব এই প্ৰতিবাদ । সংবাদমেলযোগে এই কথা ঘোষণা কৰে দলটোৱে । টিডিএফৰ পৰামৰ্শদাতা সমিতিৰ অধ্যক্ষ তাপচ দেই কয় যে ৰাইজে সন্মুখীন হৈ অহা বিভিন্ন সমস্যা সমাধানৰ দাবীৰে দলটোৱে ৰাজ্যত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব ।
ৰাজ্যখনৰ জলন্ত সমস্যাসমূহৰ কথা উল্লেখ কৰি নেতাগৰাকীয়ে কয় যে ৰাজ্যত নিবনুৱা সমস্যাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে, মূল্যবৃদ্ধিয়ে সাধাৰণ ৰাইজক জুৰুলা কৰিছে আৰু ৰাজ্যখনৰ আইন শৃংখলা পৰিস্থিতিৰ অৱনতি ঘটিছে । সেয়েহে নিবনুৱা সমস্যা সমাধান, মূল্যবৃদ্ধি ৰোধ আদি ১০ দফীয়া দাবীৰে এক বৃহৎ আন্দোলন আৰম্ভ কৰিব টিডিএফ দলে । বাকী সমস্যাবোৰ ক্ৰমে খাদ্য আৰু বাসস্থানৰ অভাৱ, খোৱাপানীৰ সমস্যা, জনজাতীয় অঞ্চলৰ ৰাস্তা-ঘাটৰ দুৰৱস্থা আদি প্ৰধান । ইয়াৰোপৰি টিটিএএডিচিৰ (TTAADC) গাঁও কমিটিৰ নিৰ্বাচনৰো দাবী জনায় দলটোৱে ।