অসম

assam

ETV Bharat / bharat

দেশৰ ভিন্ন প্ৰান্তত ঘূৰ্ণী বতাহ টাউতেৰ সংহাৰ

টাউতেৰ সংহাৰত ব্যাহত জনজীৱন ৷ গুজৰাট আৰু ৰায়গড়ত দুজনৰ মৃত্যু ৷ চিএছটিৰ পৰা থানেলৈ ৰে'ল সেৱা ব্যাহত ৷ মুম্বাই বিমানবন্দৰৰ কাৰ্যকলাপ বন্ধ ৰখাৰ সিদ্ধান্ত ৷

By

Published : May 17, 2021, 1:15 PM IST

Cyclone Tauktae
টাউতে ঘূৰ্ণী বতাহৰ সংহাৰ

নেচনেল ডেস্ক,17 মে':দেশৰ ভিন্ন প্ৰান্তত ঘূৰ্ণী বতাহ টাউতেৰ সংহাৰ আৰম্ভ হৈছে ৷ গুজৰাটত এই ঘূৰ্ণীৰ প্ৰভাৱত গছ বাগৰি এজন লোকৰ প্ৰাণহানি হোৱাৰ লগতে ৰায়গড়তো বাসগৃহৰ দেৱাল খহি পৰাৰ ফলত এগৰাকী মহিলাৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷

মুম্বাইৰ 182 টা অঞ্চলত গছ উভালি পৰাৰ লগতে প্ৰায় 6 ঠাইত ঘৰৰ দেৱাল খহি পৰিছে

প্ৰাপ্ত তথ্য অনুসৰি, মুম্বাইৰ 182 টা অঞ্চলত গছ উভালি পৰাৰ লগতে প্ৰায় 6 ঠাইত ঘৰৰ দেৱাল খহি পৰিছে ৷ ইয়াৰ লগতে কুলাবাত 17.4 মিলিমিটাৰ আৰু চাণ্টাক্ৰুজত 11.9 মিলিমিটাৰ বৰষুণ হোৱা বুলিও জানিব পৰা গৈছে ৷

টাউতেৰ সংহাৰত ব্যাহত জনজীৱন

ৰায়গড়ৰ উৰানত ঘৰৰ দেৱাল খহি পৰাৰ ফলত নিতা ৰমেশ নায়েক আবেদা নামৰ এগৰাকী মহিলাই মৃত্যুক সাৱটি ল'বলগীয়া হয় ৷ জিলাখনত সংঘটিত অন্য দুটা ঘটনাত দুজন লোক আহত হোৱা বুলি জানিব পৰা গৈছে ৷ জিলাখনত বৰ্তমানলৈকে ঘূৰ্ণীৰ ফলত 8,399 টা ঘৰ ক্ষতিগ্ৰস্ত হৈছে ৷

চিএছটিৰ পৰা থানেলৈ ৰে'ল সেৱা ব্যাহত

টাউতেৰ সংহাৰ ইমানতেই শেষ হোৱা নাই ৷ জানিব পৰা মতে, ভিক্ৰ'লিৰ পৰা ঘাটকোপাৰৰ মাজত ৰে’লপথত গছ উভালি পৰাৰ বাবে চিএছটিৰ পৰা থানেলৈ ৰে'ল সেৱা ব্যাহত হৈ পৰিছে ৷ মুম্বাই বিমানবন্দৰৰ কাম-কাজ স্থানীয় সময় অনুসৰি 17 মে'ৰ দিনা স্থানীয় সময় অনুসৰি 1,100 ঘণ্টাৰ 1400 ঘণ্টালৈ বন্ধ থাকিব ৷

মুম্বাইৰ 182 টা অঞ্চলত উভালি পৰিছে গছ

প্ৰাপ্ত তথ্য অনুসৰি টাউতেৰ গতি ক্ৰমাৎ বৃদ্ধি হ'বলৈ ধৰিছে ৷ পৰৱৰ্তী তিনি ঘণ্টাৰ ভিতৰত চুৰাটৰ উপকূলীয় অঞ্চলেৰে টাউতে পাৰ হৈ যোৱাৰ প্ৰবল সম্ভাৱনা আছে ৷ ঘণ্টাত 80 কিল’মিটাৰ বেগেৰে চুৰাটত এই বতাহ বলাৰ আশংকা কৰা হৈছে ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত সমুদ্ৰতীৰলৈ নাযাবলৈ নিৰ্দেশনা প্ৰদান কৰা হৈছে ৷

লগতে পঢ়ক:টাউতেৰ সংহাৰ: গুজৰাটত প্ৰথমজনৰ মৃত্যু

ABOUT THE AUTHOR

...view details